ETV Bharat / bharat

জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বাসভৱনত সৰ্বদলীয় বৈঠক

author img

By

Published : Jun 24, 2021, 8:32 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে জম্মু-কাশ্মীৰত ভৱিষ্যতৰ ৰাজনৈতিক কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে বৃহস্পতিবাৰে চাৰিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি ১৪ গৰাকী নেতাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হয় । প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বৈঠকত অংশগ্ৰহণ কৰে ।

Jammu and Kashmir
জম্মু আৰু কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বাসভৱনত সৰ্বদলীয় বৈঠক

নেশ্যনেল ডেস্ক,২৪ জুন : জম্মু-কাশ্মীৰলৈ কেতিয়া শান্তি ঘুৰি আহিব ? হয়টো এই প্ৰশ্নটো বহু ভাৰতীয়ৰ মনত আছিল । কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপে এই ক্ষেত্ৰত এক সেউজ সংকেত বহন কৰিছে । অৱশ্যে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল ।

ভাৰত চৰকাৰৰ বাবেও বহু প্ৰত্যাহ্বান আহিছিল । ইতিমধ্যে জম্মু-কাশ্মীৰত শান্তি প্ৰতিস্থাৰ বাবে বিভিন্ন পন্থা লৈছে কেন্দ্ৰীয় চৰকাৰে । লগতে ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

২০১৯ চনৰ আগষ্টত অনুচ্ছেদ ৩৭০ বাতিল কৰা আৰু পূৰ্বৰ ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছত কেন্দ্ৰ আৰু মূলসুঁতিৰ জম্মু-কাশ্মীৰৰ ৰাজনীতিবিদসকলৰ মাজত অনুষ্ঠিত হৈছে প্ৰথমখন বৈঠক ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে জম্মু-কাশ্মীৰত ভৱিষ্যতৰ ৰাজনৈতিক কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে বৃহস্পতিবাৰে চাৰিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি ১৪ গৰাকী নেতাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হয় । প্ৰধানমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী (Union Home Minister) অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (National Security Advisor) অজিত ডোভালে বৈঠকত অংশগ্ৰহণ কৰে ।বৈঠকত অংশগ্ৰহণ কৰা জম্মু-কাশ্মীৰৰ চাৰিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ফাৰুক আব্দুল্লা, গুলাম নবী আজাদ, ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতি ।

বৈঠকৰ বাবে কোনো কাৰ্যসূচী ঘোষণা নকৰাত জম্মু-কাশ্মীৰৰ নেতাসকলে কয় যে তেওঁলোকে মুক্ত মনেৰে এই বৈঠকত অংশগ্ৰহণ কৰিব পাৰিছে । বৈঠক সন্দৰ্ভত বিশেষ মন্তব্য প্ৰকাশ কৰিলে ছয় দলেৰে গঠিত পিপলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লেৰেচন (PAGD)ৰ মুখপাত্ৰ তথা চিপিআই(এম)ৰ নেতা মহম্মদ ইউছুফ তাৰিগামীয়ে । তেওঁ উল্লেখ কৰা মতে যিহেতু বৈঠকত কোনো কাৰ্যসূচী দিয়া হোৱা নাই সেয়ে কেন্দ্ৰই কি আগবঢ়াব তাক জানিবলৈ তেওঁলোক বৈঠকত উপস্থিত থাকে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ বাসভৱনত সৰ্বদলীয় বৈঠকলৈ আমন্ত্ৰণ জনোৱা ১৪ গৰাকী জম্মু-কাশ্মীৰৰ নেতাৰ ভিতৰত তাৰিগামীও আছে । প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব পি কে মিশ্ৰ আৰু কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাও বৈঠকত উপস্থিত থাকে । এই বৈঠকৰ পিছতে এতিয়া বিভিন্ন মহলত জম্মু-কাশ্মীৰকলৈ বিশেষ চৰ্চা হোৱাও দেখা গৈছে ।

লগতে পঢ়ক:ভাৰতীয় সেনাই ক্ৰয় কৰিব ১৭৫০ ফিউচাৰিষ্টিক ইনফেণ্ট্ৰি কমবেট ভেহিকেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.