ETV Bharat / bharat

Rozgar Mela 2023 : ৰোজগাৰ মেলাৰ জৰিয়তে প্ৰায় ৫১০০০ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 2:24 PM IST

ৰোজগাৰ মেলাৰ অষ্টম সংস্কৰণ মুকলি কৰি প্ৰধানমন্ত্ৰী মোডীয়ে চিআৰপিএফ, চিআইএছএফ, আইটিবিপি, বিএছএফ আৰু দিল্লী আৰক্ষীৰ লগতে বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্তসকলক ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে ।

Rozgar Mela 2023
ৰোজগাৰ মেলাৰ জৰিয়তে প্ৰায় ৫১,০০০ নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ৫১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে । ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিবনুৱা যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে অনুষ্ঠানত কয় যে দেশৰ ফাৰ্মাচিউটিকেল আৰু অটোমোবাইল উদ্যোগসমূহ দ্ৰুত গতিত বৃদ্ধি পাইছে । ভাৰতৰ অৰ্থনীতিয়ে একাধিক খণ্ডত যুৱ প্ৰজন্মৰ বাবে বহুতো উন্নয়নৰ সুযোগ প্ৰদান কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ফাৰ্মা আৰু অটোমোবাইল খণ্ডৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট সুযোগ আছে আৰু ২০৩০ চনৰ ভিতৰত ই ভাৰতীয় অৰ্থনীতিত ২০ লাখ কোটি টকাৰ অধিক অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে । ইয়াৰ অংশ হিচাপে যুৱসকলৰ বাবে পৰ্যটন খণ্ডত প্ৰায় ১৩ ৰ পৰা ১৪ কোটি নতুন চাকৰি সৃষ্টি হ'ব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে ।

উল্লেখ্য যে, ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৫ টা স্থানত অনুষ্ঠিত হয় আৰু প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে এই ৰোজগাৰ মেলা সম্বোধন কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই দশকত ভাৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত এটা হ'ব । মোডীয়ে দৃঢ়তাৰে কয় যে, দেশখনে যাতে এই ক্ষেত্ৰত সফল হ'ব পাৰে সেয়া নিশ্চিত কৰাৰ দায়িত্বও তেওঁ বহন কৰিব । মোডীয়ে লগতে কয় যে, নৱ নিযুক্তসকল 'অমৃত ৰক্ষক'ৰ দৰে কাৰণ তেওঁলোকে অহা ২৫ বছৰৰ বাবে তেওঁলোকৰ নতুন ক্ষমতাত দেশৰ বাবে সেৱা আগবঢ়াব ।

নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ), কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), সশস্ত্ৰ সীমা বল (এছএছবি), অসম ৰাইফলছ, ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰ' (এনচিবি)ৰ লগতে দিল্লী আৰক্ষীত নিয়োগ কৰা হৈছে । তেওঁলোকৰ পদসমূহৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন বিভাগত কনিষ্টবল (সাধাৰণ কৰ্তব্য), উপ-পৰিদৰ্শক (সাধাৰণ কৰ্তব্য) আৰু অনা-সাধাৰণ কৰ্তব্য কেডাৰ (Non–General Duty Cadre) পদ ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, অৰ্ধসামৰিক বাহিনীত যুৱসকলৰ বাবে নতুন পথ মুকলি কৰাৰ বাবে নিযুক্তি প্ৰক্ৰিয়াত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে । নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্তসকলে আইজিঅটি কৰ্মযোগী পৰ্টেলৰ এক অনলাইন মডিউল কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ পাব । য'ত ৬৭৩ টাতকৈও অধিক ই-লাৰ্ণিং পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে ।

লগতে পঢ়ক :Jan Dhan Yojana revolution : জন ধন যোজনাত দেশত ৫০ কোটিৰো অধিক বেংক একাউণ্ট; বিত্ত মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.