ETV Bharat / bharat

কৰ’ণা মহামাৰী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : May 2, 2021, 12:10 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে 9.30 বজাত অক্সিজেনৰ উপলব্ধতা আৰু চিকিৎসা সম্পৰ্কীয় সা-সুবিধাৰ উপলব্ধতা সন্দৰ্ভত বিশেষজ্ঞসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷

PM Modi to review human resource situation in fight against COVID-19
PM Modi to review human resource situation in fight against COVID-19

নতুন দিল্লী,2 মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পুৱা এক বিশেষ বৈঠক আহ্বান কৰে ৷ এই বৈঠকত মোডীয়ে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে মিলিত হয় ৷ এক বিশেষ সূত্ৰই সদৰী কৰা মতে, প্ৰধানমন্ত্ৰী গৰাকীয়ে ক’ভিড 19 মহামাৰীৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত মানৱ সম্পদসমূহৰ স্থিতি সন্দৰ্ভত বৈঠকত আলোচনা কৰে ৷

স্বাস্থ্যখণ্ডৰ লগত জড়িত বিশেষজ্ঞ, চিকিৎসক, কৰ্মীসকলে অহৰহ এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে ভিন্ন সমস্যাৰ সন্মুখীন হ’বলগা হৈছে ৷ লগতে পৰীক্ষাগাৰতো বহু সমস্যাৰ উদ্ভৱ হৈছে ৷ ইয়াৰ পূৰ্বে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত সেনাবাহিনীৰ একাংশ বিষয়ববীয়াই দেশৰ ভিন্ন প্ৰান্তত অস্থায়ী চিকিৎসালয় স্থাপনৰ বিষয়ে প্ৰকাশ কৰিছিল ৷ য’ত সাধাৰণ জনতাক ক’ভিড 19 মহামাৰীৰ সংক্ৰমণৰ বাবে চিকিৎসা সেৱা আগবঢ়াই অহা হৈছে ৷

লগতে চাওকঃ প্ৰথম ৰাউণ্ডৰ অন্তত 2723 ভোটত অগ্ৰগতি সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.