ETV Bharat / bharat

18 জুনত ক’ভিড যোদ্ধাৰ বাবে ‘Crash Course’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Jun 16, 2021, 7:20 PM IST

সমগ্ৰ দেশৰ এক লাখ ক’ভিড যোদ্ধা (Covid Warriors)ৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে আগন্তুক 18 জুনৰ পৰা 'Customized Crash Course'ৰ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভিডিঅ’ কনফাৰেন্সযোগে এই পাঠক্ৰম মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

PM Modi to launch crash course for COVID frontline workers
ক’ভিড যোদ্ধাৰ বাবে পাঠ্যক্ৰম মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক, 16 জুন : আগন্তুক 18 জুনত দেশৰ ক’ভিড ফ্ৰণ্টলাইন কৰ্মী (Covid Frontline Workers) সকলৰ বাবে 'Customized Crash Course' মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দিনৰ 11 বজাত ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে দেশৰ 26 খন ৰাজ্যত মুঠ 111 টা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব বুলি জানিব পৰা গৈছে ৷

এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ এক লাখ ক’ভিড যোদ্ধা (Covid Warriors)ৰ দক্ষতা বৃদ্ধি কৰা । উক্ত প্ৰশিক্ষণটো 6 টা অনুকূলিত চাকৰিৰ ভূমিকাত প্ৰদান কৰা হ’ব ৷ সেইকেইটা হৈছে- ‘Home Care Support’, ‘Basic Care Support’, ‘Advanced Care Support’, ‘Emergency Care Support’, ‘Sample Collection Support’ আৰু ‘Medical Equipment Support’ ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (Pradhan Mantri Kaushal Vikas Yojana)3.0ৰ কেন্দ্ৰীয় উপাদান(Central Component)ৰ অধীনত এক বিশেষ কাৰ্যসূচী হিচাপে প্ৰস্তুত কৰা হৈছে এই কাৰ্যসূচী ৷ ইয়াৰ মুঠ বিত্তীয় ব্যয় হৈছে 276 কোটি টকা । এই কাৰ্যসূচীয়ে স্বাস্থ্যখণ্ডত জনশক্তিৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে দক্ষ অ-চিকিৎসা স্বাস্থ্য সেৱা-কৰ্মী গঢ়ি তুলিব ।

লগতে পঢ়ক : পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল তাজমহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.