ETV Bharat / bharat

বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Dec 24, 2020, 7:40 AM IST

বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

1921 চনত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ব ভাৰতী দেশৰ ভিতৰতে এখন প্ৰাচীনতম বিশ্ব বিদ্যালয় ৷ 1951 চনৰ মে মাহত বিশ্ব ভাৰতীক সংসদীয় আইনৰ দ্বাৰা এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথা দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয় ৷

নতুন দিল্লী, 24 ডিচেম্বৰঃ পশ্চিমবংগৰ ঐতিহাসিক বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভিডিঅ' কনফাৰেন্সযোগে বিশ্ব বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে নিবিড়ভাৱে জড়িত আমাৰ শিক্ষাৰ কেন্দ্ৰ সমূহৰ ভিতৰত শান্তি নিকেতন অন্যতম #বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ দিশে অগ্ৰসৰ ৷ অহা 24 ডিচেম্বৰ পুৱা 11 বজাত সাজু থাকিব-এইদৰে টুইট কৰে প্ৰধান মন্ত্ৰী মোদীয়ে ৷

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়,কলকাতা
বিশ্ব ভাৰতী বিশ্ববিদ্যালয়,কলকাতা

পশ্চিমবংগৰ ৰাজ্যপাল আৰু শিক্ষামন্ত্ৰীয়েও ভাগ ল'ব এই অনুষ্ঠানত ৷

1921 চনত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ব ভাৰতী দেশৰ ভিতৰতে এখন প্ৰাচীনতম বিশ্ব বিদ্যালয় ৷ 1951 চনৰ মে মাহত বিশ্ব ভাৰতীক সংসদীয় আইনৰ দ্বাৰা এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথা দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয় ৷

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ অনুশাসন সমূহ এই বিশ্ববিদ্যালয় খনে অনুসৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত লাহে লাহে ই এখন আধুনিক বিশ্ববিদ্যালয় সমূহৰ দৰে আন আন দিশ সমূহো বিকশিত হৈছিল ৷ দেশৰ প্ৰধান মন্ত্ৰী হৈছে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ আচাৰ্য- প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে ৷

লগতে চাওকঃ অবৈধভাৱে ৰেলৰ টিকট বিক্ৰী: বঙাইগাঁৱত আৰপিএফ ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.