125th birth anniversary of Netaji : স্বাধীনতা সংগ্ৰামী নেতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 23, 2022, 12:34 PM IST

125th birth anniversary of Netaji
স্বাধীনতা সংগ্ৰামী নেতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ ()

দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী (Birth anniversary of Netaji Subhas Chandra Bose) । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে পৰাক্ৰম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেকো স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী : আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী (Birth anniversary of Netaji Subhas Chandra Bose)। দেশৰ ভিন্ন প্ৰান্তত নেতাজীৰ জন্ম জয়ন্তী পালন কৰা হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও স্বাধীনতা সংগ্ৰামীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁৰ স্মৰণীয় অৱদানৰ বাবে প্ৰতিজন ভাৰতীয় আজি গৌৰৱান্বিত ।

উল্লেখ্য যে যোৱা বছৰৰ পৰা নেতাজীৰ জন্ম দিনটোক পৰাক্ৰম দিৱস হিচাপে ঘোষণা কৰিছিল চৰকাৰে । টুইটযোগে এই পৰাক্ৰম দিৱসত সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।১৮৯৭ চনৰ ২৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা নেতাজীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ প্ৰতিষ্ঠা কৰিছিল ।

  • I pay homage to Shri Balasaheb Thackeray on his Jayanti. He will be remembered forever as an outstanding leader who always stood with the people.

    — Narendra Modi (@narendramodi) January 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা ২১ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে শীঘ্ৰেই ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল গ্ৰেনাইট মূৰ্তি স্থাপন কৰা হ'ব । প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে গ্ৰেনাইটৰ মূৰ্তিটো সম্পূৰ্ণ নোহোৱালৈ স্বাধীনতা সংগ্ৰামীগৰাকীৰ এটা হলোগ্ৰাম মূৰ্তি স্থাপন কৰা হ'ব ।

চৰকাৰী সূত্ৰই জনোৱা মতে নেতাজীৰ মূৰ্তিটোৰ উচ্চতা ২৮ ফুট আৰু বহল ৬ ফুট হ'ব । লগতে, ইণ্ডিয়া গেটৰ শিখা ৫০ বছৰৰ পিছত নিৰ্বাপিত কৰা হ'ব আৰু গণতন্ত্ৰ দিৱসৰ মাজতে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত এই শিখা একত্ৰিত কৰা হ'ব । ইফালে সূত্ৰৰ পৰা জানিব পৰা মতে এই বছৰৰ পৰা, গণৰাজ্য দিৱস উদযাপন ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । ৩০ জানুৱাৰী অৰ্থাৎ মহাত্মা গান্ধীৰ মৃত্যু দিনটোত গণৰাজ্য দিৱসৰ কাৰ্যসূচী সমাপ্ত হ'ব ।

  • सभी देशवासियों को पराक्रम दिवस की ढेरों शुभकामनाएं।

    नेताजी सुभाष चंद्र बोस की 125वीं जयंती पर उन्हें मेरी आदरपूर्ण श्रद्धांजलि।

    I bow to Netaji Subhas Chandra Bose on his Jayanti. Every Indian is proud of his monumental contribution to our nation. pic.twitter.com/Ska0u301Nv

    — Narendra Modi (@narendramodi) January 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

একেদৰে, শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে কয় যে তেওঁ সদায় জনসাধাৰণৰ সৈতে থিয় দিয়া এজন উৎকৃষ্ট নেতা হিচাপে চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব । বালাচাহেব ঠাকৰেৰ জন্ম ১৯২৬ চনৰ ২৩ জানুৱাৰীত পুনেত হৈছিল । বালাচাহেবে ১৯৬০ চনত বাতৰি কাকত 'ফ্ৰী প্ৰেছ জাৰ্নেল'ত কাৰ্টুনিষ্টৰ চাকৰি এৰি ১৯৬৬ চনৰ ১৯ জুনত মাৰাঠী আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ স্বাৰ্থত শিৱসেনা গঠন কৰিছিল । ২০১২ চনৰ ১৭ নৱেম্বৰত ৮৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ।

লগতে পঢ়ক : ইণ্ডিয়া গেটত স্থাপন কৰা হ’ব নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.