ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা ২.০ যোজনাৰ শুভাৰম্ভ

author img

By

Published : Aug 10, 2021, 8:42 PM IST

PM Modi launches Ujjwala
প্ৰধানমন্ত্ৰীৰ উজ্বলা ২ আঁচনিৰ শুভাৰম্ভ

মঙলবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ পৰা উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভণি কৰে ৷ ভিডিঅ' কনফাৰেন্সৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : শুভাৰম্ভ কৰা হ'ল প্ৰধান মন্ত্ৰী উজ্জ্বলা আঁচনিৰ (Pradhan Mantri Ujjwala Yojana) দ্বিতীয় সংস্কৰণ । মঙলবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ পৰা উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে ৷ ভিডিঅ' কনফাৰেন্সৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

ইয়াৰ পাছতে মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইট কৰি কয় যে, এই আঁচনিৰ জৰিয়তে দেশৰ আঠ কোটি মহিলা ধোঁৱামুক্ত স্বাস্থ্যসন্মত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে । আনহাতে, দ্বিতীয় সংস্কৰণৰ জৰিয়তে অতিৰিক্ত ১ কোটি দৰিদ্ৰ লোকক সমাৰি লোৱা হ'ব । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি যোগী আদিত্যনাথে কয় যে উত্তৰ প্ৰদেশত উজ্জ্বলা আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত কমেও ১.৫ কোটি পৰিয়াল উপকৃত হৈছিল ।

ক'ভিডৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে সকলো হিতাধিকাৰীক ছয় মাহৰ বাবে বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰে । ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ মতে ২০১৬ চনত উজ্জ্বলা ১.০ আৰম্ভ কৰাৰ সময়ত, দৰিদ্ৰতা সীমা ৰেখাৰ তলৰ (বিপিএল) পৰিয়ালৰ পাঁচ কোটি মহিলা সদস্যক এলপিজি সংযোগ দিয়াৰ লক্ষ্য আগত ৰখা হৈছিল ।

পৰৱৰ্তী সময়ত, আঁচনিখন এপ্ৰিল ২০১৮-ত সম্প্ৰসাৰিত কৰা হৈছিল যাতে অনুসূচীত জাতি-জনজাতি, পিএমএৱাই, এএৱাই, অত্যন্ত পিছপৰা শ্ৰেণী, চাহ বাগিচা, বনবাসী, দ্বীপপুঞ্জ আদি সাতটা শ্ৰেণীৰ মহিলা হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হয় ।

উল্লেখ্য যে ২০২১-২২ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত পি এম ইউ ৱাই (PMUY) আঁচনিৰ অধীনত অতিৰিক্ত এক কোটি এলপিজি সংযোগৰ ব্যৱস্থাৰ ঘোষণা কৰা হয় । এই এক কোটি অতিৰিক্ত পি এম ইউ ৱাই সংযোগৰ লক্ষ্য হৈছে পি এম ইউ ৱাইৰ পূৰ্বৰ পৰ্যায়ৰ অধীনত সামৰি ল'ব নোৱাৰা নিম্ন আয়ৰ পৰিয়ালবোৰক জমা-মুক্ত এলপিজি সংযোগ (deposit-free LPG connections) প্ৰদান কৰা ।

জমা-মুক্ত এলপিজি সংযোগৰ সৈতে উজ্জ্বলা ২.০ য়ে হিতাধিকাৰীসকলক বিনামূলীয়াকৈ প্ৰথম ৰিফিল আৰু হটপ্লেট প্ৰদান কৰিব । লগতে, আবেদনৰ বাবে কম পৰিমাণৰ কাগজ-পত্ৰৰ প্ৰয়োজন হ'ব । উজ্জ্বলা ২.০ ত, হিতাধীকাৰীসকলে ৰেচন কাৰ্ড বা ঠিকনাৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ প্ৰয়োজন নাই । 'পাৰিবাৰিক ঘোষণা'(family declaration) আৰু 'ঠিকনাৰ প্ৰমাণ'(proof of address) ৰ বাবে এক স্ব-ঘোষণা পত্ৰই (self-declaration) যথেষ্ট হ'ব ।

লগতে পঢ়ক :পেগাচাছৰ তদন্ত সন্দৰ্ভত ১৬ আগষ্টলৈ আদালতৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.