ETV Bharat / bharat

BJP Zila Panchayat Members Conference : বিজেপিৰ জিলা পঞ্চায়ত সদস্যসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Aug 18, 2023, 4:42 PM IST

দেশৰ ৬০০ তকৈও অধিক বিজেপিৰ জিলা পঞ্চায়ত সদস্যক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পঞ্চায়তৰ সদস্যসকলক উন্নয়নমূলক কামৰ বাবে এমজিএনৰেগা পুঁজি ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায় । অনুষ্ঠানত বিজেপি সভাপতি জে পি নাড্ডাও উপস্থিত থাকে ।

BJP Zila Panchayat Members Conference
বিজেপিৰ জিলা পঞ্চায়ত সদস্যসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,১৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিজেপিৰ জিলা পঞ্চায়ত সদস্য সন্মিলন সম্বোধন কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেলী এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰে । এই সন্মিলনত সমগ্ৰ দেশৰ ৬০০ তকৈও অধিক জিলা পঞ্চায়ত সদস্যই অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এমজিএনৰেগা পুঁজি কিছুমান উন্নয়নমূলক কামৰ বাবে ব্যৱহাৰ কৰিব লাগে । সেয়া পুখুৰী নিৰ্মাণৰ বাবে হওঁক বা ৰাস্তাৰ কামৰ বাবে হওঁক বা বৃক্ষৰোপণ অভিযানৰ বাবে হওঁক ।

প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিখন গাঁও, তহচিল আৰু জিলাত উন্নয়নৰ পোহৰ আনিব লাগিব বুলি দাবী কৰি বিভিন্ন উন্নয়নমূলক পদক্ষেপক এক গণ আন্দোলন হিচাপে গঢ়ি তুলিবলৈ সকলোকে কাম কৰিবলৈ আহ্বান জনায় । গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা অহা স্থানীয় সংস্থাৰ সদস্যসকলে ভাৰ্ছুৱেল বৈঠকত অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সবকা সাথ, সবকা বিকাশ কেৱল বিজেপিৰে শ্ল'গান নহয় ইয়াক প্ৰতি মুহূৰ্তত সকলোৱে উজ্জীৱিত কৰি ৰাখিব লাগিব বুলি তেওঁ দাবী কৰে ।

এই সন্মিলনখন দাদৰ আৰু নগৰ হাভেলি আৰু দমন আৰু দিউত অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত বিজেপি সভাপতি জে পি নাড্ডাও সন্মিলনত উপস্থিত থাকে । প্ৰথমে মুখ্যমন্ত্ৰী আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী হিচাপে নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে স্থানীয় সংস্থাসমূহত বিভিন্ন পদত সেৱা আগবঢ়োৱা সকলে তেওঁলোকৰ গাঁও আৰু জিলাৰ বাবে অগ্ৰাধিকাৰ হিচাপে কিছু কাম হাতত ল'ব লাগে আৰু জনসাধাৰণৰ সমৰ্থন লাভ কৰি ইয়াক সফল কৰিবলৈ সকলো ধৰণৰ চেষ্টা কৰিব লাগে ।

প্ৰধানমন্ত্ৰীৰ মতে কেন্দ্ৰত বিজেপি ক্ষমতালৈ অহাৰ পাছত দৰিদ্ৰ লোকসকলৰ বাবে শৌচালয় নিৰ্মাণ কৰা আৰু বেংক একাউণ্ট খোলাৰ দৰে সিদ্ধান্ত লোৱা হৈছে । তেওঁ জিলা পঞ্চায়তৰ সদস্যসকলক প্ৰতি বছৰে তিনিটা প্ৰকল্পক অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰি সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় । প্ৰধানমন্ত্ৰীৰ মতে স্থানীয় সংস্থাসমূহৰ বাবে পুঁজি বহুগুণে বৃদ্ধি পাইছে আৰু সম্পদসমূহৰো কোনো ক্ষতি হোৱা নাই ।

তেওঁ উল্লেখ কৰা মতে পূৰ্বে অনুদান ৭০,০০০ কোটি টকা আছিল কিন্তু এতিয়া ই ৩ লাখ কোটি টকাৰ অধিক । তেওঁ দাবী কৰা মতে বিজেপিয়ে ৩০,০০০ তকৈও অধিক জিলা পঞ্চায়ত ভৱন নিৰ্মাণ কৰিছে । তেওঁ উল্লেখ কৰা মতে বিজেপি সদস্যসকলে একে ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু দলটোৱে কেৱল নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে নহয় ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিছে ।

প্ৰধানমন্ত্ৰীৰ মতে বিজেপিৰ মৌলিক শক্তি হৈছে দলৰ কৰ্মী । প্ৰধানমন্ত্ৰীয়ে সন্মিলন সম্বোধন কৰি সকলো পঞ্চায়ত সদস্যক হোৱাটছএপ গ্ৰুপ খুলি ইজনে সিজনৰ সৈতে যোগাযোগত থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :India lives for humanity: মানৱতাৰ বাবেই ভাৰত জীয়াই আছে; দত্তাত্ৰেয় হোচাবালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.