ETV Bharat / bharat

Manipur is burning: মন কী বাত অনুষ্ঠান শুনি মণিপুৰৰ ক্ষোভিত ৰাইজে ভাঙিলে ৰেডিঅ’

author img

By

Published : Jun 18, 2023, 10:42 PM IST

Manipur is burning
Manipur is burning

প্ৰধানমন্ত্ৰীৰ দেওবাৰৰ মন কী বাত অনুষ্ঠানত স্থান নাপালে মণিপুৰৰ প্ৰসংগই ৷ ইয়াকে লৈ এতিয়া উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ ৷ প্ৰধানমন্ত্ৰীৰ নীৰৱ স্থিতিক লৈ প্ৰশ্ন বিৰোধীৰ ৷

নিউজ ডেস্ক, 18 জুন: দেওবাৰৰ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত মণিপুৰৰ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীগৰায়ে কোনো মন্তব্য নকৰাক লৈ মণিপুৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ দেওবাৰৰ অনুষ্ঠানত হিংসাজৰ্জৰ মণিৰপুৰৰ প্ৰসংগই স্থান নোপোৱাৰ বাবে মণিপুৰ ৰাইজে ৰেডিঅ’ ভাঙি পেলোৱাৰ দৃশ্য পোহৰলৈ আহিছে ৷

দেওবাৰে টুইটাৰত উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণে শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দেখা গৈছে যে পুৰুষ আৰু মহিলাই পশ্চিম ইম্ফলৰ ৰাস্তাৰ মাজত ৰেডিঅ' ভাঙি পেলাইছিল আৰু প্ৰধানমন্ত্ৰীৰ মন কী অনুষ্ঠানৰ বিৰুদ্ধে শ্লোগান দিছিল ৷

উল্লেখ্য যে, অল ইণ্ডিয়া ৰেডিঅ’ৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীৰ বাত অনুষ্ঠানত প্ৰতিটো মাহত সম্প্ৰচাৰ কৰা হয় ৷ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ সাধাৰণ লোকসকলৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ কিন্তু এমাহ ধৰি জাতিগত হিংসাত জৰ্জৰিত হৈ থকা মণিপুৰৰ কথা দেওবাৰে সম্প্ৰচাৰিত শেহতীয়া খণ্ডটোত আশ্চৰ্যজনকভাৱে উল্লেখ নাছিল ৷ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়েও বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

ইফালে বিৰোধী ৰাজনৈতিক দলসমূহেও প্ৰধানমন্ত্ৰীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দেওবাৰে এক টুইটযোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীৰ স্থিতিক তীব্ৰ সমালোচনা কৰে ৷

তৃণমূল কংগ্ৰেছেও প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কয় যে, এতিয়া 'মণিপুৰ কি বাত'ৰ সময় । টিএমচি লোকসভাৰ সাংসদ মহুয়া মৈত্ৰই এটা টুইটযোগে কয়, "যথেষ্ট মন কী বাত হ’ল, এতিয়া মণিপুৰ কী বাতৰ সময় ৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা নীৰৱ স্থিতিক লৈ এতিয়া ক্ষোভ ওজাৰিছে মণিপুৰৰ ৰাইজে ৷

লগতে পঢ়ক: Odisha train crash: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 292 গৰাকীকৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.