ETV Bharat / bharat

Cleanliness drive in India : প্ৰধানমন্ত্ৰীৰ স্বচ্ছ অভিযানৰ প্ৰতি ব্যাপক সঁহাৰি দেশবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 2:15 PM IST

Cleanliness drive in India
প্ৰধানমন্ত্ৰীৰ স্বচ্ছ অভিযানৰ প্ৰতি ব্যাপক সঁহাৰি দেশবাসীৰ

আজি দেশজুৰি স্বচ্ছ অভিযানৰ কাৰ্যসূচীত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশৰ ৯.২০ লাখতকৈও অধিক স্থানত এই কাৰ্যসূচীৰ আয়োজন । বিভিন্ন ক্ষেত্ৰৰ লোকে অংশগ্ৰহণ কৰিছে ।

নেশ্যনেল ডেস্ক,১ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি স্বচ্ছ অভিযানৰ বাবে কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই দেওবাৰে ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীলৈকে সকলো ক্ষেত্ৰৰ লোকে এক ঘণ্টাজোৰা 'শ্ৰমদান'ত অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে এই বিশাল কাৰ্যসূচী সমগ্ৰ দেশৰ ৯.২০ লাখতকৈও অধিক স্থানত আয়োজন কৰা হৈছে ।

'মন কি বাত'ৰ শেহতীয়া খণ্ডত মোডীয়ে ১ অক্টোবৰত সকলো নাগৰিকৰ দ্বাৰা 'স্বচ্ছতাৰ বাবে এক ঘণ্টা শ্ৰমদান'ৰ বাবে আহ্বান জনাইছিল আৰু কৈছিল যে মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ প্ৰাকমুহূৰ্তত এয়া তেওঁৰ প্ৰতি 'স্বচ্ছঞ্জলি' হ'ব ।

তাৰ পাছতে আজি হাতত ঝাড়ু লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত এক স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰে । বিজেপিৰ সভাপতি জে পি নাড্ডাও দিল্লীৰ ঝাণ্ডেৱালান অঞ্চলত অনুৰূপ অভিযানত অংশগ্ৰহণ কৰে । একেদৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰি কয় যে কেন্দ্ৰই দেশখন পৰিষ্কাৰ কৰাৰ সংকল্প লৈছে । এয়া এক ডাঙৰ প্ৰত্যাহ্বান যদিও চৰকাৰে কৰিব বুলি তেওঁ দাবী কৰে । ইফালে সমগ্ৰ দেশতে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতাসকলে হাতত ঝাড়ু লৈ স্বচ্ছতা হি সেৱা অভিযানত অংশগ্ৰহণ কৰে ।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে আহমেদাবাদত এক অভিযানত অংশগ্ৰহণ কৰে । তেনে এক অভিযানত অংশগ্ৰহণ কৰি বিজেপি সাংসদ দিনেশ শৰ্মাই কয় যে স্বচ্ছতা দেশৰ মূল হৈ পৰিছে । ভাৰতীয় বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰীয়েও নতুন দিল্লীত স্বচ্ছ অভিযানত অংশ লয় । দিল্লীৰ পৌৰ নিগমে উল্লেখ কৰা মতে ৰাজধানীৰ ৫০০ টা স্থানত স্বচ্ছ অভিযান চলোৱা হৈছে ।

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এক্সৰ জৰিয়তে লোকসকলক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেটাৰসকলেও জনসাধাৰণক স্বচ্ছ অভিযানত ল'বলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত সংকল্প শক্তিশালী কৰাৰ বাবে আহ্বান জনায় । বিজেপি সাংসদ মীনাকাশী লেখিয়েও ৰাইজক প্ৰধানমন্ত্ৰী মোডীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানত ৰাইজৰ অংশগ্ৰহণৰ কামনা কৰে ।

লক্ষ্ণৌত 'স্বচ্ছতা পখৱাড়া'ত অংশগ্ৰহণ কৰা উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে প্ৰধানমন্ত্ৰীৰ আবেদনত সমগ্ৰ দেশতে এনে ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । তেওঁ সকলোকে অভিযানটোত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বেচৰকাৰী সংগঠনসমূহে, বজাৰ সংস্থা, আত্ম-সহায়ক গোট, বাণিজ্য সংস্থা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে ২২,০০০ তকৈও অধিক বজাৰ এলেকা, ১০,০০০ জলাশয়, ৭,০০০ বাছ ষ্টেণ্ড/টোল প্লাজা, ১,০০০ গো-শালা, ৩০০ চিৰিয়াখানা আৰু বন্যপ্ৰাণী অঞ্চল আৰু গ্ৰামাঞ্চলৰ বিভিন্ন স্থানত এই কাৰ্যসূচীৰ আয়োজন কৰিছে ।

লগতে পঢ়ক :Cleanliness drive : স্বচ্ছ অভিযানত দেশবাসীক অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.