ETV Bharat / bharat

Aircraft crashed in Nepal: পোখৰা বিমান বন্দৰত ভয়ংকৰ বিমান দুৰ্ঘটনা; 36গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jan 15, 2023, 12:17 PM IST

Updated : Jan 15, 2023, 1:38 PM IST

নেপালৰ পোখৰা বিমান বন্দৰত ভয়ংকৰ দুৰ্ঘটনা(aircraft crashed at Pokhara Airport) ৷ ৰাণৱেতেই জ্বলি উঠিল 72 গৰাকী যাত্ৰীৰে পূৰ্ণ এখন বিমান ৷ সম্প্ৰতি চলি আছে উদ্ধাৰ অভিযান ৷ লগতে বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰটো ৷ বিমানখনত আছিল 68 গৰাকী যাত্ৰী আৰু 4 গৰাকী পৰিচালক ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল য়েটি বিমান সংস্থাৰ ৷ এই পৰ্যন্ত লাভ কৰা নাই কোনো যাত্ৰীৰ হতাহিত হোৱাৰ খবৰ ৷

Aircraft crashed in Nepal
পোখৰা বিমান বন্দৰ্ভত ভয়ংকৰ বিমান দুৰ্ঘটনা

নিউজ ডেস্ক, 15 জানুৱাৰী: নেপালৰ পোখৰা বিমান বন্দৰত ভয়ংকৰ দুৰ্ঘটনা(aircraft crashed at Pokhara Airport) ৷ ৰাণৱেতেই জ্বলি উঠিল 72 গৰাকী যাত্ৰীৰে পূৰ্ণ এখন বিমান ৷ সম্প্ৰতি চলি আছে উদ্ধাৰ অভিযান ৷ লগতে বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰটো ৷ বিমানখনত আছিল 68 গৰাকী যাত্ৰী আৰু 4 গৰাকী পৰিচালক ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল য়েটি বিমান সংস্থাৰ ৷

প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানলৈকে 36গৰাকীলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ অৱশ্যে নেপালৰ সংবাদমাধ্যমে 53গৰাকীলোকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি সদৰি কৰিছে ৷ অৱশ্যে বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ বিমানখনৰ মুঠ 72গৰাকী যাত্ৰীৰ ভিতৰত আছিল 53গৰাকী নেপালৰ ব্যক্তি, 5গৰাকী ভাৰতীয় ব্যক্তি, এগৰাকী আয়াৰলেণ্ডৰ ব্যক্তি, দুগৰাকী কোৰিয়াৰ ব্যক্তি, এগৰাকী আৰ্জেন্টিনাৰ ব্যক্তি আৰু এগৰাকী ফ্ৰান্সৰ ব্যক্তি ৷

বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰকৃত কাৰণ পোহৰলৈ অনা নাই যদিও প্ৰতিকূল বতৰৰ বাবে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে(Aircraft crashed in Nepal) ৷ উল্লেখ্য যে, উৰণৰ কিছু সময়ৰ পিচতে হঠাৎ জুই লাগে বিমানখনত ৷ ফলত নিয়ন্ত্ৰণহীন হৈ তললৈ খহি পৰে বিমানখন ৷

সমগ্ৰ বিষয় সন্দৰ্ভত বৰ্তমান নেপাল চৰকাৰে আহ্বান কৰিছে এখন জৰুৰী বৈঠক ৷ লক্ষণীয় কথাটো হ’ল যে, মাত্ৰ কেইদিনমান পূৰ্বে অৰ্থাৎ 1জানুৱাৰীত উদ্বোধন কৰা হৈছিল বিমান বন্দৰটো ৷ এই বিমান বন্দৰটো হ’ল নেপালৰ তৃতীয়টো আন্তজাৰ্তিক বিমান বন্দৰ ৷

লগতে পঢ়ক: Pakistan Economic Crisis: ব্যাপক দুৰ্ভিক্ষৰ দিশে পাকিস্তান

Last Updated : Jan 15, 2023, 1:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.