ETV Bharat / bharat

Parliament Logjam : প্ৰধানমন্ত্ৰী মোডীয়ে ক’লে; দিশাহীন হৈ পৰিছে বিৰোধী

author img

By

Published : Jul 25, 2023, 1:57 PM IST

বিৰোধীৰ প্ৰতিবাদত অচলাৱস্থা দুয়োখন সদনত । বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ । বিৰোধী দল বিচলিত আৰু হতাশ হৈ পৰিছে । ইণ্ডিয়ান মুজাহিদীনতো 'ইণ্ডিয়া' শব্দতো আছে ।

Parliament Logjam
দিশাহীন হৈ পৰিছে বিৰোধী

নেশ্যনেল ডেস্ক, ২৫ জুলাই : মণিপুৰৰ বিষয়ক লৈ লোকসভা আৰু ৰাজ্যসভাত অচলাৱস্থা অব্যাহত আছে । বিৰোধীৰ হুলস্থূলৰ বাবে যোৱা ৩ টা দিনত কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হৈছে । বিৰোধীৰ এনে আক্ৰমণক এইবাৰ উভতি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে এনে দিশাহীন বিৰোধী তেওঁ কেতিয়াও দেখা নাই ।

বৰ্ষাকালীন অধিৱেশনৰ অচলাৱস্থা সন্দৰ্ভত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় দলৰ এখন বৈঠকত তেওঁ এই মন্তব্য কৰে । এই বৈঠকত, বিৰোধী দলবোৰৰ হুলস্থুলৰ মোকাবিলা কৰাৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰা হয় । লগতে, এই অধিৱেশনত উত্থাপন কৰিবলগীয়া বিধেয়কসমূহৰ বিষয়েও বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয় । একে সময়তে, মণিপুৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।

বিজেপি সংসদীয় দলৰ বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, বিৰোধী দল বিচলিত আৰু হতাশ হৈ পৰিছে । তেওঁৰ মতে বিৰোধীৰ বেছি দিন শাসনত থকাৰ কোনো ইচ্ছা নাই । বিৰোধী মিত্ৰজোঁটৰ 'ইণ্ডিয়া' নামক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, ইষ্ট ইণ্ডিয়া কোম্পানীয়েও নিজৰ নামৰ আগত ইণ্ডিয়া লগাইছিল । ইণ্ডিয়ান মুজাহিদীনতো 'ইণ্ডিয়া' শব্দতো আছে ।

উল্লেখ্য যে, এই বৈঠকত গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু অন্যান্য জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে । বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পাচত এইখন বিজেপি সংসদীয় দলৰ প্ৰথম বৈঠক । সভাখন সংসদৰ পুথিভঁৰাল ভৱনত অনুষ্ঠিত হয় ।

ইফালে সংসদত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে । সোমবাৰেও সংসদৰ দুয়োখন সদনৰ বিৰোধী দলৰ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰে । মণিপুৰৰ বিষয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বিবৃতিৰ দাবী কৰে বিৰোধীয়ে । অৱশ্যে, অমিত শ্বাহে বিৰোধীসকলক এই বিষয়ত বিতৰ্ক কৰিবলৈ আহ্বান জনাইছিল । আনহাতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও বিৰোধী দলসমূহক বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনাইছিল । কিন্তু কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীক সংসদত আলোচনাৰ বাবে ভয় খোৱা বুলি অভিযোগ কৰিছে । একেটা বিষয়তে আপৰ সাংসদ সঞ্জয় সিঙক সদনৰ পৰা নিলম্বিত কৰা হয় ।

লগতে পঢ়ক :Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.