ETV Bharat / bharat

Budget session of Tripura Assembly : বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ

author img

By

Published : Mar 18, 2022, 10:32 AM IST

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ত্ৰিপুৰা বিধানসভাৰ অধিৱেশন প্ৰথম দিনটোতে বিৰোধীৰ সদন ত্যাগ (Opposition MLAs walk out of budget session in Tripura)। ৰাজ্যপালনৰ ভাষণ নুশুনাকৈয়ে সদন ত্যাগ কৰিলে বিৰোধীয়ে । ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত ৰাজ্যপালৰ নীৰৱ ভূমিকাৰ অভিযোগ বিৰোধীৰ ।

Budget session of Tripura Assembly
বাজেট অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীৰ সদন ত্যাগ

আগৰতলা,১৮ মাৰ্চ : বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰিপুৰাৰ বিধানসভাৰ অধিৱেশন (Budget session of Tripura Assembly)। ৫ দিনীয়া এই অধিৱেশনৰ প্ৰথমটো দিনতে বিৰোধীৰ প্ৰতিবাদত উত্তাল হ'ল সদনৰ মজিয়া । ৰাজ্যপালনৰ ভাষণৰ সময়তে বিৰোধী নেতাসকলৰ প্ৰতিবাদ (Tripura opposition leaders protest during Governor speech)। ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যৰ ভাষণ বৰ্জন কৰে নেতাসকলে ।

ৰাজ্যখনত আইন-শৃংখলাৰ অৱনতিৰ অভিযোগত ৰাজ্যপালৰ নীৰৱতা আৰু নিষ্ক্ৰিয় ভূমিকাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ ভাষণৰ সময়তে বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে (Opposition MLAs walk out on of budget session in Tripura)। উল্লেখ্য যে ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ লগে লগে বিৰোধী দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে তেওঁৰ ভাষণত বাধা প্ৰদান কৰে আৰু অভিযোগ কৰে যে ত্ৰিপুৰাত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বাক স্বাধীনতা আৰু গণতান্ত্ৰিক আন্দোলনৰ অধিকাৰক বাধা দিয়া হৈছে । আনহাতে এই ক্ষেত্ৰত ৰাজ্যপালে নীৰৱ ভূমিকা পালন কৰাৰ লগতে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

ৰাজ্যপালৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি মানিক সৰকাৰে কয় যে ৰাজ্যখনত বিৰোধীৰ কণ্ঠস্বৰ ৰুদ্ধ কৰা হৈছে আনহাতে বৰ্তমান বিৰোধীৰ কোনো গণতান্ত্ৰিক অধিকাৰ নাই । চিপিআই(এম)ৰ বহু দলীয় কাৰ্যালয় ভাঙিছে চৰকাৰখনে ।

সেয়ে ৰাজ্যপালৰ এই ক্ষেত্ৰত ভূমিকাৰ প্ৰতিবাদ স্বৰূপে তেওঁৰ ভাষণ শুনাৰ পৰা বিৰত থাকিব বিৰোধী (Opposition MLAs refuse to listen to Governor speech)। মানিক সৰকাৰৰ ভাষণৰ পাছতে বিৰোধী নেতাসকলে ৱাক আউট কৰে । অৱশ্যে ৰাজ্যপালে পাছত বিৰোধী অবিহনেই সদনত তেওঁৰ ভাষণ ৰাখে ।

লগতে পঢ়ক :Tripura budget session : বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.