ETV Bharat / bharat

Terrorist killed in Jammu: জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ; নিহত এটা সন্ত্ৰাসবাদী

author img

By

Published : Jun 27, 2023, 7:55 AM IST

জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । কাশ্মীৰ মণ্ডলৰ আৰক্ষীয়ে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত এটা সন্ত্ৰাসবাদী নিহত হৈছে । এতিয়াও চিনাক্ত হোৱা নাই সন্ত্ৰাসবাদীটোৰ পৰিচয় ।

Terrorist encounter in Kulgam
কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, 27 জুন : জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ ৷ ৰাজ্যখনৰ কুলগাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে মঙলবাৰে হোৱা সংঘৰ্ষত নিহত হয় এটা সন্ত্ৰাসবাদী ৷ এই ঘটনাত এগৰাকী সুৰক্ষাকৰ্মীও আহত হোৱা বুলি জানিব পৰা গৈছে ৷

‘কাশ্মীৰ জ’ন’ আৰক্ষীয়ে এটা টুইটযোগে এই সংঘৰ্ষৰ কথা সদৰী কৰিছে ৷ অৱশ্যে এতিয়াও নিহত সন্ত্ৰাসবাদীটোৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ লগতে নিহত সন্ত্ৰাসবাদীটো কোন সংগঠনৰ সৈতে জড়িত সেয়াও জানিব পৰা হোৱা নাই ৷ সন্ত্ৰাসবাদীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অস্ত্ৰ-শস্ত্ৰ আৰু বহু আপত্তিজনক নথিপত্ৰ ৷ অঞ্চলটোত বৰ্তমানেও নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

উল্লেখ্য যে, মঙলবাৰে কেন্দ্ৰীয় তদন্ত সংস্থা এন.আই.এ. (NIA)য়ে জম্মু-কাশ্মীৰৰ চাৰিখন জিলাৰ আধা ডজনতকৈও অধিক স্থানত সন্ত্ৰাস-সম্পৰ্কীয় গোচৰৰ তদন্তৰ অংশ হিচাবে তালাচী চলাইছিল । এই সময়ছোৱাত এন.আই.এ.ৰ (NIA) বিষয়াসকলে গুৰুত্বপূৰ্ণ নথিপত্ৰ পৰীক্ষা কৰিছিল ৷

লগতে পঢ়ক : Maoist Commander Arrested in Jharkhand : ঝাৰখণ্ডত ১০ লাখ পুৰস্কাৰ থকা মাওবাদী কমাণ্ডাৰক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বান্দিপোৰা, কুলগাম, পুলৱামা আৰু শ্বপিয়ান জিলাত তালাচী চলাইছিল বুলি জানিব পৰা গৈছে ৷ NIA য়ে পুলৱামাত পি.এছ.এ.(PSA)ৰ অধীনত গ্ৰেপ্তাৰ কৰা এজন যুৱকৰ ঘৰতো তালাচী চলাইছিল ৷ ৰত্নিপোৰা অঞ্চলত গোলাম মহম্মদ মীৰৰ পুত্ৰ মুদাছাৰ আহমেদ মীৰৰ বাসগৃহ আৰু চিহাত্ৰগন্দ কাকাপোৰাত মহম্মদ আকবৰ গনাইৰ পুত্ৰ গোলাম মহম্মাদৰ গনাইৰ ঘৰতো চলাইছিল অভিযান ৷

এই সময়ছোৱাত, তদন্তকাৰী দলটোৱে মহম্মদ গানাইক গ্ৰেপ্তাৰ কৰে ৷ অভিযানৰ সময়ত ইলেক্ট্ৰনিক সঁজুলিবোৰো পৰীক্ষা কৰিছিল NIA য়ে ৷ ইয়াৰ পূৰ্বে 24 জুনত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সন্ত্ৰাসবাদীয়ে সীমা অতিক্ৰম কৰি ভাৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ সময়ত সংঘটিত হৈছিল সংঘৰ্ষ ৷ এই সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন জোৱান আহত হোৱাৰ তথ্য লাভ কৰা হৈছিল ৷

লগতে পঢ়ক : Manipur Violence : ২৪ ঘণ্টাৰ ভিতৰত উগ্ৰপন্থীৰ ১২ টা বাংকাৰ ধ্বংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.