Old woman stripped naked and beaten: নাতিয়েকে ছোৱালী পলুৱাই নিয়াৰ বাবে আইতাকক উলংগ কৰি গণপ্ৰহাৰ

author img

By

Published : Dec 5, 2022, 9:55 PM IST

Old  woman stripped naked and beaten in Aurangabad
Old woman stripped naked and beaten: নাতিয়েকে ছোৱালী পলুৱাই লৈ যোৱাৰ বাবে আইতাকক উলংগ কৰি গণপ্ৰহাৰ ()

নাতিয়েকে ছোৱালী পলুৱাই নিয়াৰ বাবে আইতাকক উলংগ কৰি প্ৰহাৰ কৰিলে যুৱতীগৰাকীৰ পৰিয়ালৰ একাংশ লোকে(Old woman stripped naked and beaten)৷

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: মহাৰাষ্ট্ৰৰ ঔৰংগবাদত জঘন্য ঘটনা সংঘটিত হৈছে ৷ নাতিয়েকে ছোৱালী পলুৱাই নিয়াৰ বাবে আইতাকক উলংগ কৰি প্ৰহাৰ কৰিলে যুৱতীগৰাকীৰ পৰিয়ালৰ একাংশ লোকে(Old woman stripped naked and beaten)৷ ঔৰংগবাদ জিলাৰ গংগাপুৰ তালুকাত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা ৷ এই সমগ্ৰ মাৰপিটৰ ঘটনা ফোনৰ কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছে অভিযুক্ত প্ৰহাৰকাৰীয়ে (Video viral on social media)৷

ঘটনাৰ বিৱৰণী অনুসৰি গংগাপুৰৰ ফৰ্কত নাতিয়েকৰ সৈতে বাস কৰিছিল এগৰাকী বৃদ্ধা মহিলা (Old woman beaten brutally)৷ নাতিয়েক বিবেকে নিকটৱৰ্তী গাঁৱৰে এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল ৷ কিন্তু এই প্ৰেমৰ সম্পৰ্কক মানি লোৱা নাছিল যুৱতীৰ ঘৰৰ লোকে ৷

দুয়োৰে প্ৰেমৰ কথা যুৱতীৰগৰাকীৰ ঘৰত গম পাওঁতেই যুৱতীগৰাকীৰ ঘৰৰ লোক টিঙিৰ তুলা হৈ পৰে ৷ তেওঁলোকে যুৱতীগৰাকীক প্ৰথমে মৰমেৰে এই সম্পৰ্ক শেষ কৰিবলৈ বুজাইছিল ৷ কিন্তু ঘৰৰ লোকৰ কোনো কথাই মানি ল’বলৈ মান্তি হোৱা নাছিল যুৱতীগৰাকীয়ে ৷

অৱশেষত ঘৰৰ লোকৰ হেঁচা সহ্য কৰিব নোৱাৰি বিবেকৰ লগত পলাই যোৱাৰ পৰিকল্পনা কৰে যুৱতীৰগৰাকীয়ে ৷ কথামতেই কাম, বিবেকে যুৱতীগৰাকীক লৈ পলাই যায় ৷ যুৱতীগৰাকীক নিখোজ হোৱাৰ লগে লগে ঘৰৰ লোকে বিবেকৰ কথা সোধ-পোছ কৰে ৷ কিন্তু বিবেকো নথকাত যুৱতীগৰাকীৰ ঘৰৰ পৰিয়ালে বিবেকৰ পলাই যোৱাৰ কথাত নিশ্চিত হয় ৷ তাৰ পিছতেই খঙত অগ্নিশৰ্মা হৈ যুৱতীগৰাকীৰ ঘৰৰ লোকে বিবেকৰ ঘৰলৈ আহে ৷

প্ৰথমে বিবেকৰ আইতাৰ লগত যুৱতীগৰাকীৰ ঘৰৰ লোকে তৰ্ক বিতৰ্কত লিপ্ত হয় ৷ তাৰ পিছতেই বৃদ্ধাগৰাকীৰ ওপৰত হাত তোলে যুৱতীৰ ঘৰৰ লোকে ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি দলটোৱে বৃদ্ধাগৰাকীক উলংগ কৰি জধে-মধে মাৰধৰ কৰে ৷ লগতে এই সমগ্ৰ ঘটনা ফোনত বন্দী কৰে প্ৰহাৰকাৰী দলটোৱে ৷ এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷

ভিডিঅ’টোত দেখুওৱা অনুসৰি বৃদ্ধাগৰাকীয়ে প্ৰহাৰকাৰী দলটোক হাতজোৰ কৰি নামাৰিবলৈ বাৰে বাৰে কাবৌ কাকুতি কৰিছিল ৷ তথাপি পশুৰূপী দলটোৰ হাতৰ পৰা নিজকে বচাব পৰা নাছিল বৃদ্ধাগৰাকীয়ে ৷

এই সমগ্ৰ ঘটনা সামাজিক মাধ্যমত পৰিলক্ষিত কৰাৰ পিছতে গংগাপুৰ আৰক্ষীয়ে তিনি অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে (Gangapur Police arrested 3 accused)৷ অভিযুক্তই আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি দিয়ে যে আমাৰ ছোৱালীক তেওঁৰ নাতিয়েকে পলুৱাই লৈ গৈছিল ৷ সেইবাবে আমি এই ঘটনা সংঘটিত কৰিলো ৷

লগতে পঢ়ক: Child abduction case in Jharkhand : ফুটপাথৰ পৰা এমহীয়া শিশু লৈ উধাও দুই বাইক আৰোহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.