ETV Bharat / bharat

অৱসৰৰ দিনা প্ৰিয় শিক্ষয়িত্ৰীক শিক্ষাৰ্থীয়ে উপহাৰ দিলে 2 লাখ টকীয়া হাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 6:29 PM IST

Students gift gold necklace to retired teacher :
শিক্ষয়ত্ৰীক সোণৰ হাৰ উপহাৰ

Students gift gold necklace to retired teacher : অৱসৰৰ দিনা প্ৰিয় শিক্ষয়িত্ৰীক স্মৃতি স্বৰূপে উপহাৰ দিয়াটো তেনেই সাধাৰণ কথা ৷ কিন্তু এইবাৰ প্ৰিয় শিক্ষয়িত্ৰীক শিক্ষাৰ্থীয়ে উপহাৰ দিলে 2 লাখ টকাৰ হাৰ ৷ যি বাতৰিয়ে এতিয়া দখল কৰিছে সংবাদ শিৰোনাম ৷

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী : চাকৰি জীৱনৰ অৱসৰৰ সময়ত এগৰাকী ব্যক্তিক সহকৰ্মী তথা অনুজসকলে বিভিন্ন উপহাৰ স্মৃতি স্বৰূপে প্ৰদান কৰে ৷ সেয়া হয়তো তেনেই স্বাভাৱিক কথা ৷ কিন্তু আজি আমি ক’বলৈ লৈছো এগৰাকী শিক্ষয়িত্ৰীৰ অৱসৰৰ কথা ৷

বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীক অৱসৰৰ স্মৃতি স্বৰূপে বিদায় অনুষ্ঠানত পুৰণি ছাত্ৰ-ছাত্ৰীসকলে উপহাৰ দিলে দুই লাখ টকাৰ সোণৰ হাৰ বা নেকলেছ ৷ এই ঘটনাই এতিয়া আচৰিত কৰি তুলিছে সকলোকে ।

এই বিশেষ মুহূৰ্তৰ সাক্ষী হৈ ৰ'ল কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ আক্কাৰাংগীৰ দাৰুল ইছলাম সহায়ক জ্যেষ্ঠ প্ৰাথমিক বিদ্যালয় । ইয়াৰ শিক্ষক জয়লক্ষ্মী আৰ ভট্টে ছাত্ৰ-ছাত্ৰীৰ পৰা এই সোণৰ উপহাৰ লাভ কৰে ।

জয়লক্ষ্মীয়ে যোৱা 3 দশক ধৰি শিক্ষক হিচাপে সেৱা আগবঢ়াই আহিছে । অৱসৰৰ সময়ত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষয়িত্ৰীগৰাকীক প্ৰায় 2 লাখ দহ হাজাৰ টকাৰ 33 গ্ৰাম ওজনৰ সোণৰ হাৰ উপহাৰ দিয়ে ।

জানিব পৰা মতে, বিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ দিনা শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰিয় শিক্ষকক উপহাৰ দিয়াৰ পৰিকল্পনা কৰিছিল । তাৰ পাচত হোৱাটছএপ গ্ৰুপত আলোচনা কৰাৰ পিচত অৱশেষত তেওঁলোকে সোণৰ নেকলেছ উপহাৰ হিচাপে দিয়াৰ সিদ্ধান্ত লয় ।

তাৰ পাচত ছাত্ৰ-ছাত্ৰীসকলে ধন জমা কৰি প্ৰায় 2 লাখ 10 হাজাৰ টকাৰ 33 গ্ৰাম সোণৰ চেইন ক্ৰয় কৰে । সোণৰ নেকলেছডাল উপহাৰ দিয়াৰ কথাটো অৱশ্যে গোপন ৰাখি বুধবাৰে বিদ্যালয়ত শিক্ষয়িত্ৰীগৰাকীক উপহাৰ দিয়ে । এই উপহাৰ লাভ কৰি আৱেগিক হৈ পৰে শিক্ষয়িত্ৰী জয়লক্ষ্মী ।

জয়লক্ষ্মী আৰ ভট্টে কয়, "শিক্ষাৰ্থীৰ প্ৰতি থকা মোৰ যথেষ্ট প্ৰেম আছে । মোক এই উপহাৰৰ কোনো প্ৰয়োজন নাছিল । তেওঁলোকে মোক চিৰদিন স্মৰণ কৰিবলৈ ইমান বহুমূলীয়া উপহাৰ দিছে’’ ।

লগতে পঢ়ক : কামপুৰৰ দক্ষিণ চাংচকীত মাঘ বিহুৰ পৰম্পৰাগত ম’হযুঁজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.