ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে NSUIৰ 'শিক্ষা বচাও, দেশ বচাও' অভিযান

author img

By

Published : Nov 12, 2021, 11:16 AM IST

শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক সমালোচনা কৰি NSUI সংগঠনে আৰম্ভ কৰিছে এই অভিযানৰ । নতুন শিক্ষা নীতিৰ বিৰোধিতা সংগঠনটোৰ । 'ৰাষ্ট্ৰীয় শিক্ষা দিৱস'ৰ দিনটোৰ পৰা দেশজুৰি আৰম্ভ এই অভিযান ।

campaign
কেন্দ্ৰীয় চৰকাৰ বিৰুদ্ধে NSUIৰ শিক্ষা বচাও দেশ বচাও অভিযান

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ : ভাৰতৰ নেচনেল ষ্টুডেন্টছ ইউনিয়ন (NSUI) য়ে মোডী চৰকাৰৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিছে । মোডী চৰকাৰৰ শিক্ষাৰ্থী বিৰোধী নীতিৰ বিৰুদ্ধে সংগঠনটোৱে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিছে 'শিক্ষা বচাও, দেশ বচাও'(Shiksha Bachao, Desh Bachao) শীৰ্ষক বিশেষ অভিযানৰ । কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠনটোৱে এই অভিযানৰ জৰিয়তে পাঁচটা বিষয় উত্থাপন কৰিব বিচাৰিছে আৰু তাৰ ভিতৰত বিভিন্ন খণ্ডৰ ব্যক্তিগতকৰণ মুখ্য আৰু গুৰুত্বপূৰ্ণ ।

NSUI সংগঠনটোৱে নতুন শিক্ষা নীতিৰ (New Education Policy) বিৰোধিতা কৰিছে কিয়নো তেওঁলোকে অভিযোগ কৰা মতে নতুন শিক্ষা নীতিয়ে ছাত্ৰ শিক্ষাৰ আধাৰ দুৰ্বল কৰি তুলিছে । অন্যান্য বিষয়বোৰৰ ভিতৰত আছে বিভিন্ন কেলেংকাৰী, শিক্ষা ব্যৱস্থাত পলমকৈ যোগদান, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বয়সৰ সীমা শিথিল নকৰা, বৰ্ধিত নিবনুৱা আৰু ফেল'শ্বিপ আৰু বৃত্তি আঁচনি হ্ৰাস ।

এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে NSUIৰ ৰাষ্ট্ৰীয় সভাপতি নীৰজ কুন্দনে । তেওঁ কয় যে, শিক্ষা হৈছে প্ৰতিগৰাকী শিশুৰ জন্মগত অধিকাৰ আৰু বিজেপিয়ে শৈক্ষিক খণ্ডৰ বেচৰকাৰীকৰণ কৰি ইয়াক কাঢ়ি নিবলৈ দিনে-ৰাতিয়ে কাম কৰি আছে । সেয়ে NSUIয়ে শিক্ষা ব্যৱস্থাৰ ব্যক্তিগতকৰণ বন্ধ কৰা লগতে ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ৰ পৰীক্ষাৰ ক্ষেত্ৰত ২ বছৰ বয়স ৰেহাইৰ দাবী জনায় ।

তেওঁ লগতে কয় যে, বিজেপিয়ে শিক্ষা ব্যৱস্থা সলনি কৰি আছে যিয়ে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে । সেয়েহে এই ধৰণৰ অভিযানৰ প্ৰয়োজনীয়তা আহিছে বুলিও তেওঁ দাবী কৰে । কৰ'ণা (Corona) মহামাৰীৰ সময়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰম্ভ কৰাৰ ক্ষেত্ৰত বিজেপি প্ৰশাসনৰ নীৰৱ আচৰণে সাধাৰণ মানুহৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে বুলিও তেওঁ দাবী কৰে ।

উল্লেখ্য যে, প্ৰতি বছৰে ১১ নৱেম্বৰৰ দিনটোত দেশৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদৰ (Maulana Abdul Kalam Azad) জন্ম জয়ন্তীত দেশজুৰি 'ৰাষ্ট্ৰীয় শিক্ষা দিৱস' (National Education Day) হিচাপে পালন কৰা হয় । এইবাৰ স্বাধীনতা সংগ্ৰামী গৰাকীৰ ১৩৩ তম জন্ম জয়ন্তীত NSUI য়ে এই অভিযান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য: হাত সাবটি বহি থকা নাই নতুন দিল্লীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.