ETV Bharat / bharat

অসুস্থ এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা

author img

By

Published : Mar 5, 2022, 10:06 AM IST

Updated : Mar 5, 2022, 10:18 AM IST

NSCN (IM) chief Thuingaleng Muivah admitted to hospital
এন এছ চি এন (আই এম)ৰ মুৰব্বী থুইংগালেং মুইভা চিকিৎসাধীন

এনএছচিএন (আই এম) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ (Indo-Naga peace talks) শীৰ্ষত আছে এইগৰাকী জ্যেষ্ঠ বিদ্ৰোহী নেতা থুইংগালেং মুইভা ।

নিউজ ডেস্ক, ৫ মাৰ্চ : এন এছ চি এন (আই এম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাক(General secretary of the NSCN (IM) Thuingaleng Muivah) শুকুৰবাৰে সন্ধিয়া ডিমাপুৰৰ এখন চিকিৎসালয়ত(Muivah is admitted to a hospital in Dimapur) ভৰ্তি কৰোৱা হয় ৷

ডিমাপুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত হেব্ৰন শিবিৰত থকাৰ অৱস্থাতে ৮৮ বছৰীয়া মুইভা অসুস্থ হৈ পৰে ৷ ইয়াৰ পিছতে ততাতৈয়াকৈ তেওঁক খ্ৰীষ্টান ইনষ্টিটিউট অৱ হেল্থ চাৰ্ভিচেছ এণ্ড ৰিচাৰ্ছ (CIHSR)লৈ বিমানযোগে লৈ যোৱা হয় । কেম্প হেব্ৰন হৈছে এন এছ চি এন (আই এম)ৰ প্ৰশাসনিক আৰু সামৰিক বিভাগৰ মুখ্য কাৰ্যালয় ।

উল্লেখ্য যে, এনএছচিএন (আইএম) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা শান্তি আলোচনাৰ (Indo-Naga peace talks) শীৰ্ষত আছে এইগৰাকী জ্যেষ্ঠ বিদ্ৰোহী নেতা থুইংগালেং মুইভা । এন এচ চি এনৰ (আই এম)ৰ প্ৰয়াত নেতা ইশ্বাক চিশ্বি শ্বু আৰু মুইভাই ১৯৯৭ চনৰে পৰাই ভাৰত চৰকাৰৰ সৈতে এন এছ চি এনৰ (আই এম) গোটৰ হৈ আলোচনা প্ৰক্ৰিয়াক আগবঢ়াই লৈ গৈ আছিল ।

২০১৬ চনত শ্বুৰ মৃত্যুৰ পাছত মুইভাৰ ওপৰতেই পৰিছিল এই আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ দায়িত্ব ৷ মুইভাৰ স্বাস্থ্য সম্পৰ্কে এতিয়াও হাস্পাতাল কৰ্তৃপক্ষ তথা এন এচ চি এনৰ (আই এম)ৰ ফালৰ পৰা এতিয়ালৈ একো জনোৱা হোৱা নাই ।

লগতে পঢ়ক : ত্ৰিপুৰাত 16 খন এম্বুলেন্স সেৱাৰ মুকলি মুখ্যমন্ত্ৰীৰ

Last Updated :Mar 5, 2022, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.