ETV Bharat / bharat

ত্ৰিপুৰাত এনএলএফটি (বিএম) সদস্যৰ আত্মসমৰ্পণ

author img

By

Published : Mar 26, 2021, 3:50 PM IST

NLFT member surrenders
এনএলএফটি (বিএম) সদস্যৰ আত্মসমৰ্পণ

এনএলএফটি (বিএম) উগ্ৰপন্থী-নীপেন বাবু ত্ৰিপুৰা ওৰফে তুইকলাই ত্ৰিপুৰা আৰক্ষীৰ (বিশেষ শাখা)ৰ সন্মুখত আত্মসমৰ্পণ ৷ আগষ্ট ২০১৮ ত এনএলএফটি (বিএম) সংগঠনত যোগদান কৰা দুধৰ্ষ সন্ত্ৰাসবাদী জন উত্তৰ-পূব উগ্ৰপন্থীৰ সৈতে ম্যানমাৰৰ এনএছচিএন (কে) জেনেৰেল হেড কোৱাৰ্টাৰত টেগাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।

আগৰতলা 26 মাৰ্চ: এনএলএফটিৰ (বিএম) বাকী ভগ্নাংশক জীৱনৰ মূল সূঁতিলৈ ঘুৰি আহিবলৈ জোৰ কৰাৰ বাবে ত্ৰিপুৰা আৰক্ষীৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ ফলত, গণ্ডচৰৰা আৰক্ষী থানাৰ অন্তৰ্গত হৰিপুৰৰ বাসিন্দা এনএলএফটি (বিএম) উগ্ৰপন্থী-নীপেন বাবু ত্ৰিপুৰা ওৰফে তুইকলাই (৩৩) অস্ত্ৰ সম্বৰণ কৰে ।

ত্ৰিপুৰা আৰক্ষীৰ এক প্ৰেছ বিবৃতি অনুসৰি, তেওঁ যোৱা ২২ মাৰ্চত বাংলাদেশৰ খাগ্ৰাচাৰী জিলাৰ অধীনত চেগুন বাগানৰ এনএলএফটি (বিএম) কেম্পৰ পৰা পলাই গৈছিল । তাৰ পিছত তেওঁ ৰায়শ্য়াবাৰী আৰক্ষী থানাৰ অধীনত আন্তৰ্জাতিক সীমা অতিক্ৰম কৰে ৷

শুকুৰবাৰে পুৱা নীপেন বাবু ত্ৰিপুৰাই আৰক্ষী অধীক্ষক (বিশেষ শাখা)ৰ সন্মুখত আত্মসমৰ্পণ কৰে । উল্লেখ্য যে, তেওঁ আগষ্ট ২০১৮ ত এনএলএফটি (বিএম) সংগঠনত যোগদান কৰিছিল ৷ অন্যান্য উত্তৰ-পূৱৰ উগ্ৰপন্থীৰ সৈতে ম্যানমাৰৰ এনএছচিএন (কে) জেনেৰেল হেড কোৱাৰ্টাৰত টেগাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল নীপেন বাবু ত্ৰিপুৰাই ।

লগতে পঢ়ক: জনসমুদ্ৰত পৰিণত মৈৰাবাৰী ইন্দিৰা খেলপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.