ETV Bharat / bharat

গুৰুদ্বাৰত হত্যাৰ ঘটনা, হত্যাৰ পূৰ্বে স্বীকাৰোক্তি অভিযুক্তৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:13 PM IST

oNihang sikh kills youth at gurdwara in Punjab's Phagwara over alleged sacrilege
গুৰুদ্বাৰত হত্যাৰ ঘটনা

committing sacrilege at Gurdwara : ফাগৱাৰাৰ গুৰুদ্বাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ হত্যাৰ অভিযোগ উত্থাপন হৈছে নিহাং শিখৰ বিৰুদ্ধে ৷

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: সোমবাৰে ফাগৱাৰাৰ গুৰুদ্বাৰত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড ৷ শ্ৰী চৌদা খুহ চাহাবত এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে নিহাং শিখৰ বিৰুদ্ধে ৷ এজন লোকক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় নিহাং শিখক । হত্যা কৰাৰ পূৰ্বে নিহাং শিখে এটা ভিডিঅ’ও আপলোড কৰি গুৰুদ্বাৰলৈ তেওঁ বলিদান দিবলৈ আহিছে বুলি উল্লেখ কৰে ।

ফাগৱৰাৰ আৰক্ষী অধীক্ষক গুৰপ্ৰীত সিঙে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে ঘটনাস্থলীত একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত কৰিছে । আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে বলিদান সংঘটিত কৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি সিঙে জানিবলৈ দিয়ে ।

নিশা প্ৰায় 10 বজাত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, অভিযুক্ত স্নানাগাৰৰ ভিতৰত আছিল । আনহাতে, ভুক্তভোগীজনে গুৰু গ্ৰন্থ চাহাবক অপমান কৰিবলৈ চেষ্টা কৰিছিল বুলি কৰ্মচাৰী এগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰ পিছতে নিহাং শিখৰ হাতত নিহত হয় লোকজন ।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত লোকজনে তেওঁক বলিদানৰ উদ্দেশ্যেৰে গুৰুদ্বাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি স্বীকাৰ কৰে ৷ লগতে এই কাৰ্য সংঘটিত কৰিবলৈ তেওঁক ধন দিয়া হৈছে বুলিও দাবী কৰে । এই ভিডিঅ’টো হত্যাৰ পূৰ্বে আৱদ্ধ কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ বলিদানৰ বহু ঘটনা সংঘটিত হৈছিল । যোৱা বছৰ মৰিন্দাৰ গুৰুদ্বাৰত দুজন পুৰোহিতক আঘাত কৰি গুৰু গ্ৰন্থ চাহিবক অপবিত্ৰ কৰাৰ অভিযোগত এজন যশবীৰ সিংক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ নিহাং শিখসকলে গাঢ় নীলা ৰঙৰ সাজ-পোছাক আৰু মূৰত পাগুৰি বান্ধে ৷ লগতে ডেগাৰ আৰু বন্দুকো লগত ৰাখে । তেওঁলোকে নিজকে গুৰু কী ফৌজ বুলি গণ্য কৰে ।

লগতে পঢ়ক: Sikh Killed in Canada: দুৰ্বৃত্তৰ গুলীত কানাডাত নিহত ভাৰতীয় মূলৰ দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.