ETV Bharat / bharat

ISIS radicalisation case : তেলেংগানা আৰু তামিলনাডুৰ ৩০ স্থানত NIAৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 1:45 PM IST

ISIS radicalisation case
ISIS radicalisation case

আইএছআইএছ মৌলবাদ আৰু নিযুক্তিৰ গোচৰত NIA-ৰ চোৰাংচোৱাই কয়েম্বটুৰৰ ২১ টা, চেন্নাইৰ তিনিটা, টেংকাচীত এটা আৰু হায়দৰাবাদৰ পাঁচটা স্থানত তালাচী আৰম্ভ কৰে । এক আইএছআইএছ মডিউলৰ বিষয়ে নতুন প্ৰমাণ লাভৰ পিছত গোচৰটোৰ সৈতে সম্পৰ্কিত ব্যক্তিসকলৰ চৌহদত তালাচী চলায় ।

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : আইএছআইএছৰ মৌলবাদ আৰু নিযুক্তি গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) শনিবাৰে তামিলনাডু আৰু তেলেংগানাৰ ৩০ টা স্থানত অভিযান চলাইছে । NIA-ৰ চোৰাংচোৱাই তামিলনাডুৰ কয়েম্বটুৰৰ ২১ টা, চেন্নাইৰ তিনিটা আৰু টেংকাচীৰ এটা স্থানত এই তালাচী অভিযান চলায় ।

ইয়াৰ উপৰি সংস্থাটোৱে তেলেংগানাৰ হায়দৰাবাদৰ ৫ ঠাইত তালাচী চলায় বুলি সংস্থাটোৰ সূত্ৰই জনাইছে । আইএছআইএছৰ এটা মডিউলৰ বিষয়ে নতুন প্ৰমাণ লাভৰ পিছত গোচৰটোৰ সৈতে সম্পৰ্কিত ব্যক্তিসকলৰ চৌহদত এই তালাচী চলোৱা হয় । কয়েম্বটুৰ সন্দেহযুক্ত লোকৰ সৈতে সম্পৰ্ক থাকিব পাৰে অনুমান কৰি এই অভিযান চলোৱা হয় । চলিত মাহৰ আৰম্ভণিতে NIA-য়ে কয়েম্বটুৰত আইএছআইএছে সংঘটিত কৰা এখন গাড়ীৰ আইইডি বোমা বিস্ফোৰণৰ সৈতে জড়িত এজন অভিযুক্তক ২০২২ চনৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল । তেওঁক মহম্মদ আজাৰুদ্দিন ওৰফে আজাৰ বুলি চিনাক্ত কৰা হৈছিল । তেওঁ এই গোচৰটোত গ্ৰেপ্তাৰ হোৱা ১৩ নম্বৰ ব্যক্তি আছিল ।

NIA-য়ে ২০২২ চনৰ ২৭ অক্টোবৰত গোচৰটোৰ দায়িত্ব গ্ৰহণ কৰে আৰু পুনৰ পঞ্জীয়ন কৰে । কয়েম্বটুৰ গাড়ী বোমা বিস্ফোৰণ যোৱা বছৰ ২৩ অক্টোবৰত কয়েম্বটুৰৰ উক্কাদমৰ এশ্বৰণ কোবিল ষ্ট্ৰীটত অৰুলমিগু কোট্টাই সংগমেশ্বৰ থিৰুকোভিল নামৰ এটা প্ৰাচীন মন্দিৰৰ সন্মুখত সংঘটিত হৈছিল । ভেহিকল-বৰ্ণ ইম্প্ৰুভাইজড এক্সপ্লোছিভ ডিভাইচ (ভিবিআইইডি) মৃত অভিযুক্ত জেমছা মুবিনে চলাইছিল ।

মুবিন আৰু তেওঁৰ সহযোগীসকলে স্বঘোষিত খলিফা আবু-আল-হাছান আল-হাছিমি আল-কুৰেচীৰ প্ৰতি 'বায়াথ' বা আনুগত্য প্ৰদৰ্শনৰ পিছত ষড়যন্ত্ৰ কৰিবলৈ আৰু সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰিবলৈ কট্টৰ আইএছআইএছ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল । NIA-ৰ তদন্ত অনুসৰি, অভিযুক্তই এই সন্ত্ৰাসবাদী আক্ৰমণৰ জৰিয়তে কাফিৰসকলৰ (ইছলামৰ ওপৰত অবিশ্বাসী) ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিল ।

NIA-য়ে এতিয়ালৈকে চেন্নাইৰ পুনামালীৰ NIA আদালতত গোচৰটো সন্দৰ্ভত দুখন অভিযোগনামা দাখিল কৰিছে । ছয়জন অভিযুক্তৰ বিৰুদ্ধে এই বছৰৰ ২০ এপ্ৰিলত আৰু পাঁচজনৰ বিৰুদ্ধে ২ জুনত চাৰ্জশ্বীট দাখিল কৰা হৈছিল । দ্বাদশ অভিযুক্ত মহম্মদ ইদ্ৰিছক এই বছৰৰ ২ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :Terrorist killed at Uri : বাৰামুলাৰ উৰিত সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.