ETV Bharat / bharat

তচ-নচ হোৱা কংগ্ৰেছক পুনৰুজ্জীৱিত আশ্বাস বীৰজিৎ সিনহাৰ

author img

By

Published : Sep 27, 2021, 8:09 PM IST

কংগ্ৰেছ দলক সাংগঠনিকভাৱে ন-ৰূপেৰে পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছে TPCC(ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ)ৰ নৱনিযুক্ত সভাপতি বীৰজিৎ সিনহাই ৷ ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ(Tripura Pradesh Congress)ৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই কংগ্ৰেছ দলক পুনৰুজ্জীৱিত কৰাৰ আশ্বাস সিনহাৰ ৷

Tripura Pradesh Congress President Birajit Sinha
ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিৰজীত সিনহা

আগৰতলা , 27 ছেপ্টেম্বৰ : কংগ্ৰেছ দলক তচ-নচ হোৱাৰ পৰা পুনৰুজ্জীৱিত কৰি তোলাৰ লগতে দলৰ নেতৃত্বক অধিক উন্নত কৰি তোলাৰ আশ্বাস দিছে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ(Tripura Pradesh Congress)ৰ নৱনিযুক্ত সভাপতি বীৰজিৎ সিনহা(Birajit Sinha)ই ৷ কংগ্ৰেছ দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী সিনহাক 2019 চনত হঠাৎ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাচত পুনৰ সিনহাই দলৰ শাসনভাৰ দখল কৰিছে ৷ 2019 বৰ্ষত সিনহাৰ ঠাইত প্ৰদ্যুত কিশোৰ দেৱবৰ্মনক ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৷ ইয়াৰ পাচত পীযুষ বিশ্বাসক দলৰ ৰাজ্যিক গোটৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৷

টিটিএএডিচি নিৰ্বাচন(TTAADC elections)ত আশানুৰূপ ফলাফল লাভ নকৰি এইবাৰ দলে পুনৰ সিনহাৰ ওপৰত আস্থা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷ TPCCৰ সভাপতি হিচাপে নিযুক্ত হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰি সিনহাই কয় যে, দলে প্ৰায় একো নকৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ কৰ্মীসকলে হতাশ অনুভৱ কৰিছে ৷ দীৰ্ঘদিন ধৰি দলটোৰ কোনো ৰাজনৈতিক কাৰ্যসূচী নথকাৰ বাবে দলৰ কৰ্মীসকলে বিশ্বাস হেৰুৱাইছিল বুলি মন্তব্য কৰি সিনহাই কয় যে, এতিয়াৰে পৰা কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে ইয়াৰ দলীয় কাৰ্যসূচী পুনৰ আৰম্ভ কৰিব ৷

কংগ্ৰেছ একমাত্ৰ বিকল্প বুলি দাবী কৰি সিনহাই কয় যে, চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যখনৰ প্ৰতিটো অংশত ছয় হাজাৰ সমৰ্পিত কংগ্ৰেছ কৰ্মীৰ এটা বাহিনীক তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিব ৷

সিনহাই জানিবলৈ দিয়া মতে, মুঠ ১৮ জন ৰাজ্যিক সমন্বয়কাৰীক কঠোৰ প্ৰশিক্ষণৰ বাবে আন ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব ৷ উভতি আহি তেওঁলোকে প্ৰায় ছশ শ্ৰমিকক প্ৰশিক্ষণ দিব, যিয়ে পিছত গ্ৰাম্য অঞ্চলত ছয় হাজাৰ লোকক প্ৰশিক্ষণ দিব ৷ এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত দলটোক নেতৃত্ব দিবলৈ সক্ষম কৰ্মীৰ এটা প্ৰশিক্ষিত সৈন্য বাহিনী গঢ়ি তোলা হ'ব সিনহাই মন্তব্য কৰে ৷

ইফালে দলটোৰ বহু নেতাই কংগ্ৰেছ দল ত্যাগ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, কংগ্ৰেছৰ দুৱাৰ সকলোৰে বাবে মুকলি ৷ মানুহে কংগ্ৰেছ দল এৰে আৰু পুনৰ উভটি আহে বুলি মন্তব্য কৰি সিনহাই সকলোকে দল ত্যাগ নকৰিবলৈও আহ্বান জনায় ৷

লগতে পঢ়ক : ত্ৰিপুৰাত পুৰুষৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.