প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ হ'ল মেডিকেল কলেজৰ

author img

By

Published : Sep 18, 2022, 10:58 AM IST

New Medical College on the Name of PM Modi AT Ahmedabad

মেট মেডিকেল কলেজৰ নতুনকৈ নামাকৰণ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে(Medical college renamed as Narendra Modi) ৷ বিগত বৰ্ষত গুজৰাটৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নামো সলনি কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ নামেৰে ৷

নেশ্যনেল ডেস্ক,18 ছেপ্টেম্বৰ: আহমেদাবাদ পৌৰ নিগমৰ মণিনগৰ অঞ্চলস্থিত এল জি হাস্পতালৰ চৌহদত নিৰ্মিত মেট মেডিকেল কলেজৰ নতুনকৈ নামাকৰণ কৰিলে সংশ্লিষ্ট কৰ্তৃপক্ষই(Medical college renamed as Narendra Modi) ৷ সমিতিৰ এক বৈঠকযোগে সৰ্বসন্মতিক্ৰমে চিকিৎসা মহাবিদ্যালয়খনৰ নামকৰণ নৰেন্দ্ৰ মোদীৰ নামেৰে কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়(PM Narendra Modi) ৷

New Medical College on the Name of PM Modi AT Ahmedabad
PM Modi 72nd birthday: প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ হ'ল মেডিকেল কলেজৰ নাম

শনিবাৰে প্ৰধানমন্ত্ৰীৰ জন্মদিনত এই সিদ্ধান্ত কাৰ্যকৰী কৰে বিজেপি শাসিত আহেমদাবাদ পৌৰ নিগমে (Bjp celebrated PM birthday)। ২০ বছৰ পূৰ্বে মণিনগৰ সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ অঞ্চলবাসী ৰাইজৰ সুস্বাস্থ্য তথা স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণৰ বাবে যাতে অন্য ৰাজ্যলৈ যাব নালাগে তাৰ বাবে মহাবিদ্যালয়খনৰ ভেঁটি স্থাপন কৰিছিল বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ সেয়ে চিকিৎসা মহাবিদ্যালয়খনৰ নাম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি স্থায়ী সমিতিৰ অধ্যক্ষ হিতেশ বাৰটে জানিবলৈ দিয়ে ৷

New Medical College on the Name of PM Modi AT Ahmedabad
PM Modi 72nd birthday: প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ হ'ল মেডিকেল কলেজৰ নাম

বিগত বৰ্ষত গুজৰাটৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম সলনি কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ নামেৰে(Sardar Patel Stadium renamed as Narendra Modi) ৷ ইয়াৰ পিছতে বিতৰ্কৰ সূচনা হৈছিল ৷ কংগ্ৰেছে পুনৰ ষ্টেডিয়ামখনৰ নাম চৰ্দাৰ পেটেল ৰখাৰ দাবী উত্থাপন কৰিছিল ৷ বিশ্বৰ সৰ্ববৃহৎ এই ষ্টেডিয়ামখনত ১,২৫,০০০ লোকে একেলগে খেল উপভোগ কৰিব পাৰে ।

লগতে পঢ়ক: RSSৰ দশেৰা উৎসৱলৈ প্ৰথমবাৰলৈ আমন্ত্ৰিত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.