ETV Bharat / bharat

NESO & AASU leaders visit Manipur:সম্প্ৰীতিৰ বাৰ্তা লৈ মণিপুত নেছ’ আৰু আছুৰ নেতৃত্ব

author img

By

Published : Aug 1, 2023, 7:35 PM IST

সম্প্ৰীতিৰ বাৰ্তা লৈ মণিপুৰলৈ ৰাওনা নেছ’ আৰু আছুৰ নেতৃত্ব ৷ গুৱাহাটীৰ পৰা বিমান যোগে মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয় দলটো ৷ দলটোত আছে আছুৰ ডাঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে উত্তৰ পূব ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ ৷

NESO and AASU leader Visit in Manipur
সম্প্ৰীতিৰ বাৰ্তা লৈ মণিপুত নেছ’ আৰু আছুৰ নেতৃত্ব

তেজপুৰ,1 আগষ্ট: সম্প্ৰীতিৰ বাৰ্তা লৈ মণিপুৰলৈ ৰাওনা হৈছে উত্তৰ-পূৱ ছাত্ৰ সংগঠন চমুকৈ নেছ’ আৰু সদৌ অসম ছাত্ৰৰ সন্থাৰ নেতৃত্ব ৷ মঙলবাৰে দুই ছাত্ৰ সংগঠনৰ নেতাসকল গুৱাহাটীৰ পৰা বিমান যোগে মণিপুৰৰ ৰাজধানী ইম্ফলত উপস্থিত হয় ৷ দলটোত আছে আছু নেতা ডাঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে উত্তৰ পূব ছাত্ৰ সংগঠনৰ নেতাসকল ৷

মণিপুৰৰ মেইটেই আৰু কুকিকে ধৰি সকলো জনগোষ্ঠীৰ মাজত বিভেদ দূৰ কৰাৰ উদ্দেশ্যে উত্তৰ-পূৱ ছাত্ৰ সংগঠন (নেছ’) আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব মণিপুৰলৈ ৰাওনা হয় ৷ ছাত্ৰ নেতাসকল ইম্ফল বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা হয় আশ্ৰয় শিবিৰলৈ ৷ দুই ছাত্ৰ সংগঠনৰ নেতৃত্বই ইতিমধ্যে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰিছে ৷

সমগ্ৰ দেশ জোকাৰি যোৱা মণিপুৰৰ ঘটনাক লৈ বিভিন্ন মহলে সমালোচনা কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ৷ মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ত চলি আছে গোচৰ ৷ সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যাধীশ ডি ৱাই চন্দ্ৰচূড়ে মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৷ কেন্দ্ৰক প্ৰশ্ন কৰিছিল ! যদি চৰকাৰে একো কৰিব নোৱাৰে তেতিয়া হ’লে আমি কৰিম ৷ কিয় মণিপুৰৰ ঘটনাক অন্য ৰাজ্যত হোৱা ঘটনাৰ লগত তুলনা কৰিছে চৰকাৰে ! এই বক্তব্য ভ্ৰমণকাৰী দলটোৰ ৷

উল্লেখ্য যে অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দেশজুৰি প্ৰশ্নৰ অৱতাৰণা হৈছে তথাপিও গা-লৰা নাই মোদী চৰকাৰৰ ৷ আনহাতে বিৰোধী মহাজোঁটৰ প্ৰতিনিধিয়ে মণিপুৰত উপস্থিত হৈ ৰাজ্যখনৰ ৰাজ্যপালক 2 পৃষ্ঠাৰ এখন স্মাৰক পত্ৰ দিছে ৷ প্ৰায় তিনিমাহৰো অধিক কাল গোষ্ঠীৰ সংঘৰ্ষ চলি থকা মণিপুৰক লৈ কিয় প্ৰধানমন্ত্ৰী মৌন হৈ আছে ! কিয় সংসদৰ বৰ্ষাকালীন অধিবেশনত মণিপুৰৰ বিষয়ে আলোচনা কৰিব নিবিচাৰে চৰকাৰে ! এই প্ৰশ্ন বিৰোধীৰ ৷ বিপৰীতে বিভিন্ন দল সংগঠনে চেষ্টা কৰিছে হিংসাত্মক ঘটনাৰ শান্ত কৰিবলৈ ৷

লগতে পঢ়ক:Manipur Violence: অস্থিৰ মণিপুৰ; মেইটেই সম্প্ৰদায়ৰ 30 টা বাসগৃহত অগ্নি সংযোগ কুকি উগ্ৰপন্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.