ETV Bharat / bharat

Neeraj Chopra qualifies: বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা আৰ্জিলে নীৰজ চোপ্ৰাই

author img

By

Published : Jul 22, 2022, 12:07 PM IST

neeraj-chopra-qualifies-for-maiden-world-cships-final-with-88-dot-39m-throw
Neeraj Chopra qualifies for maiden World C'ships

টকিঅ' অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা নীৰজ চোপ্ৰাই যোগ্যতা আৰ্জিলে বিশ্ব চেম্পিয়নশ্বিপলৈ(World Championships final) ৷ বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেৱাৰ্ড খেলপথাৰত সম্পন্ন হয় খেল ৷

নেশ্যনেল ডেক্স,22 জুলাই : অলিম্পিকত জেভলিন থ্ৰ'ত ব্যক্তিগত শাখাত দেশলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰাই এইবাৰ যোগ্যতা আৰ্জিলে বিশ্ব চেম্পিয়নশ্বিপলৈ(World Championships final) ৷ টকিঅ' অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিছিল 24 বৰ্ষীয় যুৱ খেলুৱৈ নীৰজ চোপ্ৰাই ৷ দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ খেলপথাৰলৈ উভতি আহিছে যুৱ খেলুৱৈগৰাকী ৷ বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেৱাৰ্ড খেলপথাৰত অনুষ্ঠিত খেলখনত 24 বৰ্ষীয় যুৱ খেলুৱৈগৰাকীৰ জেভলিনৰ দূৰত্ব আছিল 88.39 মিটাৰ ৷ নীৰজে গ্ৰেনাডা চেম্পিয়ন এণ্ডাৰছন পিটাৰক পৰাজিত কৰি ফাইনেলত প্ৰৱেশৰ যোগ্যতা আৰ্জে(mens javelin throw ) ৷ উল্লেখ্য যে 2018 বৰ্ষত দহাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত শাৰিৰীক অসুস্থতাৰ হেতু নীৰজে অংশগ্ৰহণ কৰিব পৰা নাছিল ৷ মেডেল ৰাউণ্ড অনুষ্ঠিত হব ৰবিবাৰে ৷

লগতে পঢ়ক: Cross Voting in Assam: মুৰ্মুক ভোট দিলে অসমৰ 22 বিৰোধী বিধায়কে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.