ETV Bharat / bharat

ছত্তীশগড়-ওড়িশা সীমান্তত উদ্ধাৰ ৬টা আই ই ডি; নক্সালবাদীৰ বৃহৎ কূটাঘাতৰ পৰা কথমপি ৰক্ষা

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 6:22 PM IST

IED recovered in Odisha border
ছত্তীশগড়ৰ ওড়িশা সীমান্তত উদ্ধাৰ ৬টা আইইডি

ছত্তীশগড়ৰ সুকমা আৰু ওড়িশা সীমান্তত নক্সালবাদীৰ এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা বিফল হৈছে । সুৰক্ষা বাহিনীয়ে ৬ টা আইইডিৰ সৈতে বিস্ফোৰকৰ ভাণ্ডাৰ উদ্ধাৰ কৰে । যাৰ ফলত বস্তাৰ আৰু মালকানগিৰী এক বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে ।

নিউজ ডেস্ক, ২২ নৱেম্বৰ : ছত্তীশগড়ৰ বস্তাৰ বিভাগৰ সুকমা আৰু ওড়িশাৰ মালকানগিৰিত নক্সালবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ আৰু ধ্বংসযজ্ঞৰ এক ডাঙৰ আক্ৰমণৰ পৰিকল্পনা পোহৰলৈ আহিছে । সুৰক্ষা বাহিনীৰ এটা দলে সময়মতে ইয়াৰ উমান লাভ কৰি নক্সালবাদীৰ পৰিকল্পনা বিফল কৰে । মালকানগিৰিত সুৰক্ষা বাহিনীয়ে এটা দুটা নহয়, ৬ টাকৈ আইইডি উদ্ধাৰ কৰে । নিৰাপত্তা বাহিনীয়ে সময়মতে এই আই ই ডিকেইটা উদ্ধাৰ নকৰিলে এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'লহেঁতেন ।

বস্তাৰ আৰক্ষী আৰু ওড়িশা আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, আৰক্ষীয়ে মালকানগিৰি আৰু সুকমাৰ অৰণ্যত তালাচী অভিযান চলায় । মাথিলি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত তুলসী আৰু কিৰ্মিতি গাঁৱৰ ওচৰত অৱস্থিত অৰণ্যত অনুসন্ধানৰ বাবে ডিভিএফ আৰু এছঅ'জিৰ এটা যুটীয়া দল প্ৰেৰণ কৰা হয় । তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে নক্সালবাদীয়ে অৰণ্যত লুকুৱাই থোৱা বৃহৎ পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ কৰে ।

জোৱানসকলে ঘটনাস্থলীৰ পৰা এটা দেশীয় বন্দুক, ১৫০ টুকুৰা জিলেটিন আৰু ছয়টা আইইডি জব্দ কৰে । উদ্ধাৰ কৰা আইইডিকেইটাৰ ওজন হৈছে ১০ কিলোগ্ৰাম, ৭ কিলোগ্ৰাম, ৬ কিলোগ্ৰাম, ৫ কিলোগ্ৰাম, ৪ কিলোগ্ৰাম আৰু দুই কিলোগ্ৰাম ।

এনেদৰে মুঠ ৬ টা আইইডি একেলগে এটা শৃংখলাতে অৰণ্যত পুতি থৈ লুকুৱাই ৰখা হৈছিল । আনহাতে, আইইডিকেইটা উদ্ধাৰ কৰি সুৰক্ষা বাহিনীয়ে এক ডাঙৰ ধ্বংসৰ পৰিকল্পনা বিফল কৰে । অনুমান কৰা হৈছে যে নক্সালবাদীয়ে নিৰাপত্তা বাহিনীৰ কৰ্মীসকলক আক্ৰমণ কৰিবলৈ এই বিস্ফোৰক সামগ্ৰীবোৰ লুকুৱাই ৰাখিছিল । বৰ্তমান অঞ্চলটোত তীব্ৰ অনুসন্ধান অভিযান চলি আছে ।

উল্লেখ্য যে ছত্তীশগড়ৰ বস্তাৰ হৈছে এক নক্সাল অধ্যুষিত অঞ্চল । বস্তাৰৰ সুকমা ওড়িশাৰ কাষতে অৱস্থিত । তাত সাধাৰণতে নক্সালবাদীয়ে আইইডি বিস্ফোৰণৰ দ্বাৰা জোৱানসকলক আক্ৰমণৰ লক্ষ্য কৰি লয় । আইইডি বিস্ফোৰণৰ জৰিয়তে জোৱানসকলক আক্ৰমণৰ ফান্দত পেলাবলৈ চেষ্টা কৰে । তাৰ পিছত তেওঁলোকৰ ওপৰত গুলীচালনা কৰে । আনহাতে, ছত্তীশগড়ৰ নিৰ্বাচনৰ সময়তো সুৰক্ষা বাহিনীয়ে ১৪ টাতকৈও অধিক আইইডি উদ্ধাৰ কৰে । কিন্তু এইবাৰ সুৰক্ষা বাহিনীৰ দলটোৱে সময়মতে মালকানগিৰিত নক্সালবাদীৰ ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা বিফল কৰাত সফল হৈছে ।

লগতে পঢ়ক :চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে কোটি টকা সংগ্ৰহ; ৰাজকোটত গ্ৰেপ্তাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.