ETV Bharat / bharat

Navy Helicopter Crashes : কোচিত নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; নিহত নৌসেনা বিষয়া

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 5:00 PM IST

এই দুৰ্ঘটনাৰ ফলত নৌসেনাৰ এজন বিষয়া নিহত হয় । জানিব পৰা মতে, হেলিকপ্টাৰখনত পাইলটসহ দুগৰাকী লোক আছিল । দুয়োগৰাকী আঘাতপ্ৰাপ্ত হয় ।

কোচিত নৌসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত; নিহত নৌসেনা বিষয়া
Navy Helicopter Crashes

নিউজ ডেস্ক, 4 নৱেম্বৰ : পুনৰ ভূ-পতিত ভাৰতীয় সেনা বাহিনীৰ হেলিকপ্টাৰ ৷ নিষ্ঠুৰ নিয়তিৰ কাৰণে অকালতে প্ৰাণ হেৰুৱালে এগৰাকী সেনা বিষয়াই ৷ কাৰণ অতি দুৰ্ভাগ্যজনকভাৱে নৌসেনাৰ সামৰিক প্ৰশিক্ষণ কাৰ্যসূচী চলি থাকোঁতেই এই অনাকাংক্ষিত ঘটনাই সকলোকে হতচকিত কৰি তোলে ৷ নিজৰ কৰ্তব্য সম্পাদন কৰি থকা অৱস্থাতে নিহত এগৰাকী নৌ সৈনিক ৷ এই ঘটনাই এতিয়া অৱতাৰণা কৰি বহু প্ৰশ্নৰ ৷

শনিবাৰে কোচিত সংঘটিত হয় এই শোকাৱহ ঘটনা । কোচিৰ আইএনএছ গৰুড় ৰানৱেত পিচলি চেটক হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাৰ ফলত নৌসেনাৰ এজন বিষয়া নিহত হয় । জানিব পৰা মতে, হেলিকপ্টাৰখনত পাইলটসহ দুগৰাকী লোক আছিল । দুয়োগৰাকী আঘাতপ্ৰাপ্ত হয় ।

ঘটনাটো শনিবাৰে আবেলি ২.৩০ বজাত প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত সংঘটিত হয় । এই ঘটনা সংঘটিত হোৱাৰ পিছতে নৌসেনা বিষয়া আৰু কোচি হাৰ্বাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । হেলিকপ্টাৰখন নৌসেনাৰ মুখ্য কাৰ্যালয় বিমানবন্দৰৰ পৰা উৰামাৰাৰ সময়তে ৰানৱেত দুৰ্ঘটনাগ্ৰস্ত হয় । বৰ্তমান উদ্ধাৰ অভিযান চলি আছে । অৱশ্যে নৌসেনাৰ তৰফৰ পৰা দুৰ্ঘটনাটোৰ বিষয়ে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ।

জানিব পৰা মতে, চেটক হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিহত নৌসেনা বিষয়াজন ৰানৱেত আছিল । ৰানৱেত থকা নৌসেনা বিষয়াজন হেলিকপ্টাৰৰ ৰটৰ ব্লেডৰ খুন্দাত নিহত হয় । দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদনত দাবী কৰা হৈছে যে দুৰ্ঘটনাটোত হেলিকপ্টাৰৰ পাইলটসহ দুজন লোক আঘাতপ্ৰাপ্ত হৈছে । দুয়োগৰাকী নৌসেনাৰ মুখ্য কাৰ্যালয়ৰ সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক :SSB jawan suicide : বিহাৰত অসমৰ জোৱানৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.