ETV Bharat / bharat

কৃষক নেতা ৰাকেশ টিকাইটক হত্যাৰ ভাবুকি

author img

By

Published : Dec 27, 2020, 10:40 AM IST

Bharatiya Kisan Union Rakesh Tikait get threat callghj
কৃষক নেতা ৰাকেশ টিকাইটক হত্যাৰ ভাবুকি

ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকাইটক ফোন যোগে হত্যা ভাবুকি প্ৰদান কৰিছে অচিনাক্ত যুৱকে ৷ এই কথা সদৰি কৰিছে আৰক্ষীৰ অধীক্ষক গৱেন্দ্ৰ সিঙে ৷

নিউজ ডেস্ক, 27 ডিচেম্বৰ : দেশত অব্যাহত থকা কৃষক আন্দোলনত অংশগ্ৰহণ কৰা কৃষক নেতাক এইবাৰ মৃত্যু ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ এই তথ্য প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৱেন্দ্ৰ সিঙে ৷

গৱেন্দ্ৰ সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকাইটক এজন অচিনাক্ত যুৱকে ফোন যোগে মৃত্যু ভাবুকি প্ৰদান কৰিছে ৷ এই ক্ষেত্ৰত কৌশাম্বী থানাত এক এজাহাৰ দাখিল কৰিছে ৰাকেশ টিকাইটৰ ব্যক্তিগত সহায়ক অৰ্জুন বালিয়নে ৷

Bharatiya Kisan Union Rakesh Tikait get threat callghj
কৌশাম্বী থানাত দাখিল কৰা এজাহাৰ

লগতে গৱেন্দ্ৰ সিঙে কয়, এজাহাৰত উল্লেখ কৰা অনুসৰি অচিনাক্ত যুৱক জনে ফোন যোগে কৃষক নেতা জনক হত্যা কৰিবলৈ কিমান অস্ত্ৰৰ প্ৰয়োজন হ'ব বুলি প্ৰশ্ন কৰিছিল ৷ উক্ত এজাহাৰ ভিত্তিত আইপিচিৰ 507 ধাৰা অধিনত কৌশাম্বী থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে অধীক্ষকজনে ৷

উল্লেখ্য যে, ভাৰতীয় কৃষক ইউনিয়নৰ কৃষক সকলে 28 নৱেম্বৰ পৰাই নতুন কৃষি আইন বাতিলৰ দাবীত গাজিপুৰত অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

লগতে পঢ়ক: দেওবাৰে দিনৰ 11 বজাত প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী মোডীৰ 'মান কী বাত'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.