National Brother's Day: ৰাষ্ট্ৰীয় ভাতৃ দিৱস উপলক্ষে আপুনি আপোনাৰ ভাতৃক শুভেচ্ছা জনালেনে ?

author img

By

Published : May 24, 2023, 3:46 PM IST

National Brother's Day 2023: Date, history and significance

প্ৰতি বছৰে ২৪ মে’ দিনটো ৰাষ্ট্ৰীয় ভাতৃ দিৱস হিচাপে পালন কৰা হয় । ভাতৃৰ প্ৰতি আপোনাৰ মৰম প্ৰকাশ কৰাৰ বাবে এই দিনটো অতি বিশেষ ।

ভাতৃ-ভগ্নীৰ সম্পৰ্ক এনে এক সম্পৰ্ক য’ত কাজিয়া, মৰম বিশ্বাস আৰু ইজনে সিজনক সমৰ্থন কৰা অতি গভীৰ বন্ধুত্বৰ সম্পৰ্কও থাকে । ভাতৃ দিৱস তেনেই এগৰাকী ভাতৃৰ প্ৰতি আপোনাৰ মৰম প্ৰকাশ কৰাৰ বাবে এক বিশেষ দিন । ২০০৫ চনত আমেৰিকাত ভাই দিৱস উদযাপন আৰম্ভ হৈছিল । প্ৰতি বছৰে ২৪ মে’ দিনটো ৰাষ্ট্ৰীয় ভাতৃ দিৱস হিচাপে পালন কৰা হয় । আমেৰিকাত এই দিৱস উদযাপন আৰম্ভ হৈছিল যদিও লাহে লাহে অষ্ট্ৰেলিয়া, ৰাছিয়া, জাৰ্মানী, ফ্ৰান্সকে ধৰি বহু দেশত এই দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল (brothers day 2023)।

ভাই-ভনীৰ সৈতে সম্পৰ্ক প্ৰায়ে অতি বিশেষ আৰু অনন্য । কাৰণ ভাই অবিহনে ইমান কাজিয়া আৰু মৰম কোনে কৰিব পাৰে । ডাঙৰ হওক বা সৰু হওক এজন ভাতৃৰ জীৱনত এক বিশেষ স্থান আছে, বিশেষকৈ ভগ্নীৰ বাবে ।

ভাতৃৰ চিন্তা আৰু দায়িত্বত তেওঁৰ মৰম লুকাই থাকে (happy brothers day)। ভাইৰ লগত সম্পৰ্ক কেৱল তেজৰ নহয়, সময়ৰ লগে লগে ই বন্ধুত্বৰ হৈ পৰে । সকলো সময়তে যুঁজি থকা ভাতৃয়ে প্ৰয়োজনত পৃথিৱীৰ যিকোনো বিপদৰ পৰা ৰক্ষা কৰে (brothers day in India)। ল’ৰা হওক বা ছোৱালী হওক, ভাতৃৰ সহায়ৰ বাবে মানুহে নিজৰ ওপৰত অধিক আত্মবিশ্বাসী অনুভৱ কৰে আৰু সমাজত নিৰ্ভয়ে জীয়াই থাকিবলৈ সক্ষম হয় । আনহাতে ভাই সৰু হওক বা ডাঙৰ হওক, তেওঁ সদায় ভগ্নী প্ৰতি প্ৰটেক্টিভ হয় ।

এই গভীৰ সম্পৰ্ক আৰু ভাতৃৰ সৈতে এই মোহ ভাৰতত হিন্দু পৰম্পৰা অনুসৰি ৰক্ষা বন্ধন আৰু ভাই দুজ উপলক্ষে উদযাপন কৰা হয় । কিন্তু ভাইৰ সৈতে এই অবিচ্ছেদ্য সম্পৰ্ক কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে সমানেই শক্তিশালী (when is sisters day)। এই বাবেই প্ৰতি বছৰে সমগ্ৰ বিশ্ববাসীয়ে অতি আড়ম্বপূৰ্ণভাৱে ভাতৃ দিৱস উদযাপন কৰে । সেয়ে ভাতৃৰ সৈতে ভাতৃ দিৱস পালন কৰক আৰু মৰমেৰে শুভেচ্ছা প্ৰেৰণ কৰি তেওঁক বিশেষ অনুভৱ কৰাওক আৰু কওক তেওঁ আপোনাৰ বাবে কিমান বিশেষ ৷

লগতে পঢ়ক: Summer Meals: গ্ৰীষ্মকালত পাচনতন্ত্ৰক সুস্থ কৰি ৰাখিব এইকেইবিধ খাদ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.