Summer Meals: গ্ৰীষ্মকালত পাচনতন্ত্ৰক সুস্থ কৰি ৰাখিব এইকেইবিধ খাদ্যই

author img

By

Published : May 20, 2023, 6:11 PM IST

If you want to keep the digestive system healthy in summer, then include these healthy foods in your diet

যদি আপুনিও গ্ৰীষ্মকালত পাচনতন্ত্ৰক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে এই স্বাস্থ্যকৰ খাদ্যসমূহ অন্তৰ্ভুক্ত কৰক আপোনাৰ খাদ্যৰ তালিকাত ৷

গ্ৰীষ্মকালত আমি বিভিন্ন ধৰণৰ ৰোগৰ সন্মুখীন হ’বলগীয়া হয় । এই বতৰত ভোক কমকৈ লাগে । এনে পৰিস্থিতিত আপুনি পানীয় সেৱন কৰি ভাল পায় । বহু সময়ত অত্যধিক পৰিমাণৰ পেক কৰা ৰস খোৱাৰ বাবে পাচনতন্ত্ৰৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হয় । গৰমৰ দিনত পেট শীতল কৰি ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য খাব পাৰি । য’ত প্ৰ’বায়’টিক থাকে । গতিকে জানো আহক, গ্ৰীষ্মকালত হজম শক্তিৰ লগত জড়িত সমস্যা কম কৰিবলৈ কোনবোৰ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে (summer meals vegetarian)।

গৰমৰ দিনত এই খাদ্যবোৰ কিয় উপকাৰী

দৈ ভাত

পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ গ্ৰীষ্মকালত দৈ ভাত খাব পাৰে । পেট শীতল কৰি ৰখাত ই সহায়ক । দৈ ভাত স্বাস্থ্যৰ লগতে সোৱাদেৰে ভৰপূৰ । ইয়াত থকা প্ৰ’বায়’টিকবোৰ অন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ । প্ৰ’টিন, কেলচিয়াম আদি উপাদান দৈ-ভাতত পোৱা যায় । যিটো হাড় সুস্থ কৰি ৰখাত সহায়ক ।

বাটাৰ মিল্ক

দৈৰ পৰা বাটাৰ মিল্ক প্ৰস্তুত কৰা হয় । ইয়াত কেলচিয়াম, পটাছিয়াম, ভিটামিন B12 আৰু অন্যান্য পুষ্টিকৰ উপাদান পোৱা যায় । যিটো হজম শক্তিৰ লগত জড়িত সমস্যা হ্ৰাস কৰাত সহায়ক। ই পেটটো ঠাণ্ডা কৰি ৰাখে (light summer meals)। এই বতৰত বাটাৰ মিল্ক খাব পাৰে ।

মগু দালিৰ স্প্ৰাউটছ

মগু দালিৰ গজালি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয় । ই গ্ৰীষ্মকালত শৰীৰক হাইড্ৰেট কৰি ৰাখে । ইয়াত বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায় । যদি আপুনি কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যাত ভুগিছে তেন্তে মগু দালিৰ গজালি আপোনাৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে । ইচ্ছা কৰিলে তাত দৈ মিহলাই খাব পাৰে ।

পানী লাওৰ ৰস

গ্ৰীষ্মকালত পানী লাওৰ ৰস খালে বহু সমস্যাৰ পৰা হাত সাৰিব পাৰি । ই আপোনাক হাইড্ৰেটেড আৰু সতেজ কৰি ৰাখে । ইয়াৰ দ্বাৰা পেটৰ সমস্যা যেনে এচিড ৰিফ্লাক্স, পেট ফুলা আৰু বদহজমৰ সম্ভাৱনা কম হয় । ইয়াত থকা আঁহে অন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে । ই ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে । পানী লাও কলেষ্টেৰল ৰোগীৰ বাবেও অতি উপকাৰী ।

লগতে পঢ়ক: Lemon water benefits: নেমু চৰবত সেৱন কৰি লাভ কৰক এইসমূহ স্বাস্থ্য উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.