ETV Bharat / bharat

নগা হ’হ’ৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক

author img

By ANI

Published : Jan 16, 2024, 10:20 AM IST

Centre NSCN IM pact in Parliament
কংগ্ৰেছ নেতা ৰাহুল গান্ধী

নাগালেণ্ডৰ কোহিমাত প্ৰৱেশ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৷ নগা হ’হ’ ৰ এটা প্ৰতিনিধি দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰে বুলি জনায় ৷ 2015 চনত কেন্দ্ৰ আৰু এন এছ চি এন-আই এমৰ মাজত স্বাক্ষৰিত কাঠামো চুক্তি ৰূপায়ণৰ বাবে কংগ্ৰেছ নেতাগৰাকীক স্মাৰক পত্ৰ দাখিল কৰে ।

নেশ্যনেল ডেস্ক, 16 জানুৱাৰী: সোমবাৰৰ সন্ধিয়া কংগ্ৰেছৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ নাগালেণ্ডৰ কোহিমাত প্ৰৱেশ কৰাৰ সময়তে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে বিভিন্ন ৰাজ্যৰ নগা সংগঠনক প্ৰতিনিধিত্ব কৰা নগা HOHO ৰ এটা প্ৰতিনিধি দলে ৰাহুল গান্ধীক সাক্ষাৎ কৰে বুলি জনায় ৷ সংগঠনটোৱে 2015 চনত কেন্দ্ৰ আৰু এন এছ চি এন-আই এমৰ মাজত স্বাক্ষৰিত কাঠামো চুক্তি ৰূপায়ণৰ বাবে কংগ্ৰেছ নেতাগৰাকীক স্মাৰক পত্ৰ দাখিল কৰে ।

নগা HOHO হৈছে নগা সম্প্ৰদায়ৰ অন্তৰ্গত লোকসকলৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাপ্ৰাপ্ত এক শীৰ্ষ সংস্থা । X যোগে ৰমেশে লিখিছে, "বিভিন্ন ৰাজ্যৰ নগা সংগঠনক প্ৰতিনিধিত্ব কৰা নগা HOHO ৰ এটা প্ৰতিনিধি দলে আজি সন্ধিয়া নাগালেণ্ডৰ খুজামা খেলপথাৰৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত @RahulGandhi ক সাক্ষাৎ কৰে । ই ভাৰত চৰকাৰ আৰু এন এছ চি এন-আই এমৰ দ্বাৰা 2015 চনৰ 3 আগষ্টত স্বাক্ষৰিত কাঠামো চুক্তি ৰূপায়ণ আৰু ইয়াক প্ৰধানমন্ত্ৰীয়ে এক অগ্ৰগতি আৰু সমাধান হিচাপে প্ৰশংসা কৰিছিল ।"

"ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টখন প্ৰায় 9 বছৰৰ পাছতো মাত্ৰ এখন কাগজৰ টুকুৰা হৈয়ে আছে । এই চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে অন্য ৰাজনৈতিক দলৰ সৈতে কোনো আলোচনা হোৱা নাছিল, বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে ৷ উক্ত সময়ছোৱাত উত্তৰ-পূবৰ তিনিখন ৰাজ্য অৰুণাচল প্ৰদেশ, অসম আৰু মণিপুৰত কংগ্ৰেছ দলৰ চৰকাৰ আছিল ।"

ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন চৰকাৰখনক কটাক্ষ কৰি জয়ৰাম ৰমেশে লিখিছে, "ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ এই সমগ্ৰ কচৰৎ স্পষ্টভাৱে প্ৰধানমন্ত্ৰীৰ শিৰোনাম দখল কৰা পদক্ষেপসমূহৰ ভিতৰত অন্যতম এটা আছিল । চুক্তিখনৰ DETAILS এতিয়াও জানিব পৰা হোৱা নাই ।"

ইফালে সোমবাৰৰ সন্ধিয়া ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ নাগালেণ্ডত উপস্থিত হয় । কোহিমা জিলাৰ খুজমা গাঁৱত উপস্থিত হয় এই যাত্ৰাই ৷ দেওবাৰে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু ৱায়ানাদৰ সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰৰ থৌবালৰ পৰা যাত্ৰাৰ পতাকা উত্তোলন কৰে । 67 দিনত 6700 কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰি 110 খন জিলাৰ মাজেৰে কৰা হ’ব এই যাত্ৰা ।

যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যত সংঘটিত হিংসাত্মক পৰিস্থিতিত নিহত হোৱা লোকসকলক দলৰ নেতা-কৰ্মীসকলে মৌন শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ৰাহুল গান্ধীয়ে দেওবাৰে কয় যে তেওঁৰ দলে ভাৰত জোডো ন্যায় যাত্ৰা আৰম্ভ কৰিছিল ৰাইজৰ ন্যায় সুনিশ্চিত কৰাৰ বাবে ।

মণিপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত ৰাহুল গান্ধীয়ে কয় যে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সকলো ক্ষেত্ৰতে ভাৰতবাসীয়ে এক বৃহৎ অন্যায়ৰ সন্মুখীন হৈছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে মণিপুৰ কিয় ভ্ৰমণ কৰা নাই ৰাইজে আমাক সুধিছে: জয়ৰাম ৰমেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.