ETV Bharat / bharat

ত্ৰিপুৰাত আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও

author img

By

Published : Sep 7, 2021, 11:23 AM IST

ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পূজন বিশ্বাসৰ আক্ৰমণৰ ঘটনাৰে জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই । ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ।

Murder attempt on Tripura Youth Cong chief
ত্ৰিপুৰাত আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই

নেশ্যনেল ডেস্ক, ৭ ছেপ্তেম্বৰ : ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদত নামিছে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই । দেওবাৰে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে । ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ।

Murder attempt on Tripura Youth Cong chief
ত্ৰিপুৰাত আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই

উল্লেখ্য যে, কেইদিনমান পূৰ্বে দলীয় সভাত অংশগ্ৰহণৰ বাবে ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ সোণামুৰালৈ যোৱাৰ সময়ত ত্ৰিপুৰা যুৱ কংগ্ৰেছৰ সভাপতি পূজন বিশ্বাস অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল । কিন্তু সৌভাগ্যক্ৰমে তেওঁৰ জীৱন ৰক্ষা পৰিছিল আৰু আগৰতলাত আহি উপস্থিত হৈছিল ।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ আক্ৰমণৰ ঘটনাৰে জড়িত লোকসকলক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই দেওবাৰে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে । এই ঘটনাৰ আঁৰত কোন লোক জড়িত হৈ আছে, সেয়া পোহৰলৈ অহাটো বিচাৰিছে যুৱ কংগ্ৰেছে ।

Murder attempt on Tripura Youth Cong chief
ত্ৰিপুৰাত আৰক্ষীৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিলে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাই

তেওঁলোকে জনোৱা মতে, তেওঁলোকে টেলিফোন ৰেকৰ্ডিং সংগ্ৰহ কৰিছে । এই ৰেকৰ্ডিঙৰ পৰা প্ৰমাণিত হয় যে, এই ঘটনাৰ সৈতে ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কৈলাশহৰৰ বাসিন্দা বাছিম মিয়া জড়িত হৈ আছে । লগতে হত্যাৰ উদ্দেশ্যেৰে পূজন বিশ্বাসক আক্ৰমণ কৰা হৈছিল বুলি অভিযোগ তুলিছে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ।

যুৱ কংগ্ৰেছৰ লগত থকা সকলো প্ৰমাণ আৰক্ষীক দাখিল কৰা হৈছে বুলি কৰ্মকৰ্তাসকলে জানিবলৈ দিছে । লগতে এইক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ ল'বলৈ যুৱ কংগ্ৰেছে আৰক্ষীক আহ্বান জনাইছে । আনহাতে, এই বিষয়ত যুৱ কংগ্ৰেছৰ সভাপতি পূজন বিশ্বাসে কয় যে, ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা লোৱা উচিত ৷

ইফালে ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি প্ৰসেনজিৎ দাসে কয় যে, ৰাজ্যখনত কংগ্ৰেছ দলৰ নেতাসকল সুৰক্ষিত নহয় । তেওঁ লগতে কয় যে, যুৱ কংগ্ৰেছৰ নেতাসকলে এই বিষয়ত আৰক্ষীৰ সৈতে আলোচনা কৰিবলৈ আহিছিল যদিও আৰক্ষীয়ে কথা পাতিবলৈ কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল । এই সন্দৰ্ভত তেওঁলোকৰ ফালৰ পৰা আৰক্ষীক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলি প্ৰসেনজিৎ দাসে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ড্ৰাগছ ব্যৱসায়ীয়ে যোগদান কৰিছে তৃণমূল কংগ্ৰেছতঃ বিপ্লৱ কুমাৰ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.