হত্যাৰ অভিযুক্তক প্ৰেমিকাৰ সৈতে লজত থকাৰ অনুমতি দিলে আৰক্ষীয়ে

author img

By

Published : Aug 21, 2022, 2:22 PM IST

Karnataka

কৰ্ণাটক আৰক্ষীৰ কৰ্মকাণ্ডই লজ্জানত কৰিছে সচেতন মহলক । হত্যাৰ অভিযুক্তক আৰক্ষীয়ে প্ৰেমিকাৰ সৈতে লজত থকাৰ অনুমতি দিলে (Police allowed murder accused to stay with girlfriend)। আৰক্ষীৰ জিম্মাত থকা অপৰাধীক কেনেকৈ লজত থকাৰ অনুমতি দিলে ? ইয়াক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া । হত্যাৰ অভিযুক্তজনক চোৰাংচোৱা শাখাই নিজৰ জিম্মাত লৈছে আৰু বল্লাৰী আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।

নেশ্যনেল ডেস্ক, ২১ আগষ্ট : কৰ্ণাটকত আচৰিত ঘটনা । আটক হোৱা এজন অভিযুক্তক হত্যাকাৰীক প্ৰেমিকাৰ সৈতে ব্যক্তিগত লজত থাকিবলৈ দিলে আৰক্ষীয়ে (Police allow to stay murder accused in lodge)। ধাৰৱাড চহৰত সংঘটিত এই ঘটনাৰ পাছতে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়া (Shameful incident of Karnataka Police)।

আৰক্ষীয়ে জনোৱা মতে, বল্লাৰী আৰক্ষীয়ে হত্যাৰ গোচৰৰ অভিযুক্ত বাচ্চা খানক শনিবাৰে ধাৰৱাদৰ এখন আদালতত হাজিৰ কৰিবলৈ লৈ গৈছিল । আদালতত হাজিৰ কৰাৰ পাছত, আৰক্ষীয়ে উভতি যোৱাৰ পূৰ্বে অভিযুক্তজনক তেওঁৰ প্ৰেমিকাৰ সৈতে হোটেলৰ কোঠাত থাকিবলৈ অনুমতি দিছিল (Murder accused allowed to stay in lodge with lover)। আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীৰ লোকসকলে সেই স্থানত পহৰা দি আছিল ।

ধাৰৱাদত সংঘটিত হৈছে কৰ্ণাটক আৰক্ষীক লজ্জানত কৰা ঘটনা

বাচ্চা খানৰ প্ৰেমিকা বাংগালুৰুৰ পৰা আহিছিল আৰু পূৰ্বৰে পৰা কোঠাটোত অপেক্ষা কৰি আছিল । অৱশ্যে, হুব্বালি গোকুলা ৰোড আৰক্ষী থানাৰ চোৰাংচোৱাসকলে আৰক্ষীয়ে এনেদৰে আইন উলংঘা কৰা আৰু এজন হত্যাৰ অভিযুক্তক তেওঁৰ প্ৰেমিকাৰ সৈতে এটা লজত থাকিবলৈ দিয়াৰ বিষয়ে তথ্য সংগ্ৰহ লাভ কৰিছিল ।

তাৰ পাছতে চোৰাংচোৱাৰ দলে অভিযান চলাই বাচ্চা খানক তেওঁলোকৰ জিম্মাত লয় । এই সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে এক গোচৰো ৰুজু কৰা হৈছে । বাচ্চা খানক পূৰ্বে ইৰফান ওৰফে ফ্ৰুট ইৰফানৰ হত্যাৰ গোচৰৰ সন্দৰ্ভত হুবলিত গ্ৰেপ্তাৰ কৰা হৈছিল । ইফালে সমগ্ৰ বিষয়টোৰ অনুসন্ধান অব্যাহত আছে ।

লগতে পঢ়ক :ৰাজপথতে বিজেপি নেতাৰ গালত পৰিল পত্নীৰ চেণ্ডেলৰ চৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.