ETV Bharat / bharat

ভাৰতত অবৈধভাৱে বসবাস, 9 জন বাংলাদেশীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 1:07 PM IST

Updated : Dec 14, 2023, 4:46 PM IST

Mumbai Crime Branch arrests nine Bangladeshi for illegal stay
9 জন বাংলাদেশীক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ

মুম্বাই অপৰাধ শাখাই ৯ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । অভিযুক্তকেইটা হাৱালাৰ জৰিয়তে ধনৰ লেনদেনতো জড়িত আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

নেশ্যনেল ডেস্ক, 14 ডিচেম্বৰ : মুম্বাই অপৰাধ শাখাই ভাৰতত অবৈধভাৱে বাস কৰি থকা নজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটা ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ লগতে আৰু অবৈধভাৱে ভাৰতৰ পৰা বাংলাদেশলৈ ধন স্থানান্তৰ কৰা কাৰ্যত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

কেৱল 9 জনেই নহয়, এই ঘটনাত অন্য লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই সমগ্ৰ অনৈতিক প্ৰক্ৰিয়াক এক প্ৰকাৰে হাৱালা লেনদেন বুলি আৰক্ষী সূত্ৰই সন্দেহ কৰিছে ।

অপৰাধ শাখাৰ আৰক্ষী উপায়ুক্ত (ডিচিপি) ৰাজতিলক ৰৌশনে বুধবাৰে এক সংবাদমেলযোগে কয়, "তেওঁলোকে ভাৰতৰ পৰা বাংলাদেশলৈ সীমান্ত পাৰ হৈ অহা ব্যক্তিসকলৰ জৰিয়তে ধন স্থানান্তৰ কৰিছিল। ভাৰতলৈ অহাৰ পিচত, তেওঁলোকে ভুৱা আধাৰ কাৰ্ড তৈয়াৰ কৰিছিল আৰু ভুৱা নথি-পত্ৰৰ সহায়ত বেংক একাউণ্ট খুলিছিল ৷ তাৰ পিচত তেওঁলোকৰ প্ৰকৃত পৰিচয় প্ৰকাশ নকৰাকৈ নিজকে ভাৰতীয় নাগৰিক হিচাপে পৰিচয় দিছিল ৷"

  • #WATCH | Rajtilak Roushan, DCP, Crime Branch says, "Total 9 Bangladesh citizens have been arrested...their modus operandi was that they used to illegally transfer money from India to Bangladesh. More people seem to be involved in this. They made fake Aadhaar card after coming to… https://t.co/4RpOLQJ2y5

    — ANI (@ANI) December 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে ডিচিপি গৰাকীয়ে কয়, " এই অভিযুক্ত 9 জনৰ ভিতৰত কিছু লোকক মুম্বাইৰ পৰা, কিছু লোকক থানেৰ পৰা আৰু আন কিছু লোকক নৱী মুম্বাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তৰ একাউণ্টত যথেষ্ট পৰিমাণৰ ধন জমা আছিল, তেওঁলোকে কিছু লোকৰ জৰিয়তে বাংলাদেশলৈ ধন স্থানান্তৰ কৰিছিল। যেতিয়াই কোনো লোক ভাৰতলৈ আহিছিল, তেওঁলোকে তেনে লোকৰ জৰিয়তে ধন স্থানান্তৰ কৰিছিল ৷"

"ধন লেনদেনৰ মুঠ পৰিমাণ লাখলৈকে হ'ব পাৰে। আমি এতিয়াই সঠিক পৰিমাণটো প্ৰকাশ কৰিব নোৱাৰিম ৷ তেওঁলোকে বাংলাদেশলৈ ধন স্থানান্তৰ কৰিবলৈ কমিছন লৈছিল। তেওঁলোকে আইনী মাধ্যমৰ জৰিয়তে ভাৰতলৈ অহা বাংলাদেশৰ দৰিদ্ৰ লোকসকলৰ বাবে ভাৰতৰ পৰা বাংলাদেশলৈ ধন স্থানান্তৰ কৰি আছিল। ইয়াৰ উপৰিও, তেওঁলোকে ভাৰতত অবৈধভাৱে বাস কৰা আন লোকসকলৰ বাবেও ধন স্থানান্তৰ কৰি আছিল।" অবৈধ অনুপ্ৰৱেশকাৰীকেইজনৰ সন্দৰ্ভত ডিচিপিগৰাকীয়ে এইদৰে মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: আৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ, এনকাউণ্টাৰত নিহত দুধৰ্ষ নক্সালবাদী

Last Updated :Dec 14, 2023, 4:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.