ETV Bharat / bharat

মা-দেউতাই মোক দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰিছিল: এগৰাকী যুৱতীৰ অসহায় স্বীকাৰোক্তি

author img

By

Published : Jul 1, 2022, 9:34 PM IST

.‘‘মোৰ সৈতে ধৰ্ষণৰ ঘটনা সদায়েই ঘটে ৷ মোক সহায় কৰিবলৈ কোনো নাই ৷ মই বাধা দিলে মোক হত্যাৰ ভাবুকি প্ৰদান কৰে ৷ মোৰ মা-দেউতা, খুড়া সকলোৱে ধনৰ বাবে মোক দেহ বিক্ৰী কৰিবলৈ বাধ্য কৰে ৷ পূৰ্বৰ পঞ্চায়ত প্ৰমুখ আৰু আৰক্ষী থানাৰ বিষয়াও আমাৰ ঘৰলৈ আহি সুৰাপান কৰাৰ পাচত মোক ধৰ্ষণ কৰে ৷ মই ভাগি পৰিছোঁ, মোক সহায় কৰক ৷’’ এগৰাকী অসহায় যুৱতীৰ কাতৰ আহ্বান...

Molestation with girl in samastipur
Molestation with girl in samastipur

নিউজ ডেস্ক, 1 জুলাই : অতীতৰে পৰাই আমাৰ সভ্যতাত কন্যা সন্তানক গৃহলক্ষ্মী বুলি মানি অহা হৈছে ৷ শেহতীয়াকৈ চৰকাৰেও বেটী বচাও, বেটী পঢ়াও আঁচনি গ্ৰহণ কৰি কন্যা শিশুক সুৰক্ষা দিয়াৰ বাবে চিন্তা কৰিছে ৷ কিন্তু আমাৰ মাজৰে একাংশৰ মনত কন্যা সন্তান এক বোজা বুলি চলি থকা ভ্ৰান্ত ধাৰণা যেন আজিও আঁতৰি যোৱা নাই ৷ যাৰ বাবে দেশৰ বহু ঠাইত আজিও অৱহেলিত, লাঞ্ছিত-বঞ্চিত হৈ আহিছে কন্যা সন্তান ৷ বিহাৰৰ এটা পৰিয়ালে নিজৰ কন্যা সন্তানৰ লগত এনে এক কাৰ্য কৰিলে যিটো পঢ়ি আপোনাৰো বিশ্বাস নহ’ল কোনটো যুগত আমি বাস কৰি আছোঁ ৷

শিশু সন্তানক ভাৰতৰ যিবোৰ ৰাজ্যত আজিও বোজা বুলি ভবা হয়, সেই সমূহৰ ভিতৰত বিহাৰৰো স্থান আছে ৷ ৰাজ্যখনৰ এনে বহু অঞ্চল আছে, য’ত কন্যা শিশু জন্ম হ’লে ধাৰৰ বোজা সৃষ্টি হোৱা বুলি ভবা হয় ৷ কিয়নো তাত আজিও যৌতুক প্ৰথা প্ৰচলিত হৈ আছে আৰু ছোৱালী মানেও যৌতুকৰ নামত ধন খৰচ বুলিয়েই এচাম মানুহে বিশ্বাস কৰে ৷ বিহাৰৰ এহাল পিতৃ-মাতৃয়ে যি কাণ্ড সংঘটিত কৰিলে, সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব ৷

অভিযোগ মতে, বিহাৰৰ সমষ্টিপুৰ জিলাৰ এগৰাকী যুৱতীক পিতৃ-মাতৃ আৰু খুড়াকে মিলি ধনৰ বিনিময়ত দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰিছিল ৷ ইতিমধ্যে কেইবাজনো লোকে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰো অভিযোগ উত্থাপিত হৈছে (Molestation with girl in Samastipur)৷ এটা ভিডিঅ’যোগে যুৱতী গৰাকীয়ে স্বীকাৰ কৰিছে যে, প্ৰায় 20-25 জন লোকে তেওঁ ধৰ্ষণ কৰিছে আৰু ইয়াৰ মাজত তেওঁৰ পিতৃ আৰু খুড়াকো আছে ৷ ভিডিঅ’টো সম্প্ৰতি ভাইৰেল হৈ পৰিছে (Samastipur viral video) ৷

যুৱতীগৰাকীয়ে লগতে অভিযোগ কৰে যে, সমষ্টিপুৰৰ আৰক্ষী বিষয়া আৰু পূৰ্বৰ গাঁওবুঢ়ায়ো তেওঁৰ সৈতে একেই কু-কৰ্ম কৰিছে ৷ যুৱতীগৰাকীৰ মাতৃও এই ঘটনাত জড়িত থকা বুলি দাবী কৰিছে ৷ যেতিয়াই তেওঁ এই কাৰ্যৰ প্ৰতিবাদ জনাই, তেতিয়াই তেওঁক বেয়াকৈ মাৰধৰ কৰা হয় বুলিও যুৱতী গৰাকীয়ে কয় ৷ ইয়াৰোপৰি যুৱতী গৰাকীৰ অভিযোগ যে, তেওঁৰ মাতৃয়ে ঘৰতে সুৰাৰ ব্যৱসায় কৰে ৷ যদি উপযুক্ত সুৰক্ষা প্ৰদান কৰা নহয় তেন্তে পৰিয়ালৰ লোকে তেওঁক হত্যা কৰিব বুলি কয় যুৱতীগৰাকীয়ে (Girl forced into sex trade by parents) ৷

তেওঁ কয়, ‘‘মোৰ সৈতে ধৰ্ষণৰ ঘটনা সদায়েই ঘটে ৷ মোক সহায় কৰিবলৈ কোনো নাই ৷ মই বাধা দিলে মোক হত্যাৰ ভাবুকি প্ৰদান কৰে ৷ মোৰ মা-দেউতা, খুড়া সকলোৱে ধনৰ বাবে মোক দেহ বিক্ৰী কৰিবলৈ বাধ্য কৰে ৷ পূৰ্বৰ পঞ্চায়ত প্ৰমুখ আৰু আৰক্ষী থানাৰ বিষয়াও আমাৰ ঘৰলৈ আহি সুৰাপান কৰাৰ পাচত মোক ধৰ্ষণ কৰে ৷ মই ভাগি পৰিছোঁ, মোক সহায় কৰক ৷ এই মানুহবোৰে মোক মাৰি পেলোৱাৰ পৰিকল্পনা কৰিছে’’ (crime in Samastipur)৷

ডি এছ পি শ্বাহৰিয়াৰ আখতাৰে কয় যে, যুৱতীগৰাকীৰ অভিভাৱকসহ তিনিজনক ইতিমধ্যে এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁ লগতে কয় যে, যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পাচত বৰ্তমান তেওঁক মহিলা আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷

আৰক্ষী বিষয়া গৰাকীয়ে কয়, ‘‘যুৱতীগৰাকীৰ পিতৃ-মাতৃ এই ঘটনাত জড়িত আছে ৷ ঘটনাটো আমাৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আমি তিনিজনক গ্ৰেপ্তাৰ কৰিছোঁ ৷ তদন্ত প্ৰক্ৰিয়া কিছু জটিল হ’ব, কিয়নো যুৱতী গৰাকীয়ে বহু অভিযুক্তক চিনি নাপায় ৷ ইয়াৰে বহুতো তেওঁৰ ওচৰ-চুবুৰীয়া ৷ যুৱতীগৰাকীয়ে নিজৰ প্ৰেমিকক এই বিষয়ে অৱগত কৰিছিল যদিও, যুৱকজন আৰক্ষীৰ কাষ নাচাপিল ৷ অৱশ্যে প্ৰেমিকজনৰ বিৰুদ্ধে এনে গোচৰ নাই ৷ অভিযুক্তক কোনো মতেই সাৰি যাবলৈ দিয়া নহ’ব ৷"

লগতে পঢ়ক : পাকিস্তানত বন্দী হৈ থকা 539 জন ভাৰতীয়ক মুকলি কৰি দিয়াৰ আহ্বান ভাৰত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.