ETV Bharat / bharat

Vishwakarma Jayanti : প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিব পিএম বিশ্বকৰ্মা আঁচনিৰ

author img

By ANI

Published : Sep 17, 2023, 11:00 AM IST

Vishwakarma Jayanti
প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিব পিএম বিশ্বকৰ্মা আঁচনিৰ

বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিব পিএম বিশ্বকৰ্মা আঁচনিৰ । শিল্পীসকলৰ উন্নয়নৰ বাবে এই পদক্ষেপ চৰকাৰৰ ।

নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : দেশজুৰি সোমবাৰে উদযাপন কৰা হ'ব বিশ্বকৰ্মা পূজা । তাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে দেশৰ শিল্পীসকলক তেওঁলোকৰ নিষ্ঠা, প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে অভিবাদন জনায় । তেওঁ কয় যে ভগৱান বিশ্বকৰ্মাৰ জন্ম জয়ন্তীত পৰিয়ালৰ সকলো সদস্যক বহুত অভিনন্দন জনায় । ইফালে বিশ্বকৰ্মা পূজা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰম্পৰাগত শিল্পীসকলৰ সুবিধাৰ বাবে 'পিএম বিশ্বকৰ্মা' আঁচনিৰ শুভাৰম্ভ কৰিব ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি দেওবাৰে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ দ্বাৰকাত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু এক্সপো কেন্দ্ৰত এই অনুষ্ঠান অনুষ্ঠিত হ'ব । পিএম বিশ্বকৰ্মা আঁচনিয়ে পৰম্পৰাগত কাৰুশিল্পত নিয়োজিত ব্যক্তিসকলক সমৰ্থন আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে বুলিও ইয়াত কোৱা হৈছে ।

৭৭ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল যে চৰকাৰে শীঘ্ৰেই পৰম্পৰাগত কাৰুশিল্পত দক্ষ ব্যক্তিসকলৰ বাবে এক আঁচনি আৰম্ভ কৰিব ।

তেওঁৰ দৃষ্টিভংগী বিত্তীয় সহায় প্ৰদান কৰাৰ বাহিৰেও স্থানীয় সামগ্ৰী, কলা আৰু কাৰুশিল্পত সন্নিবিষ্ট বহু পুৰণি পৰম্পৰা, সংস্কৃতি আৰু সমৃদ্ধ ঐতিহ্য সংৰক্ষণ কৰা । পিএম বিশ্বকৰ্মা আঁচনিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ পুঁজি লাভ কৰিব । এই আঁচনিত আৱণ্টন হ'ব ১৩,০০০ কোটি টকা । আঁচনিখনৰ জৰিয়তে 'বিশ্বকৰ্মা' পঞ্জীয়ন কৰিব লাগিব । যি সকলে তেওঁলোকৰ হস্ত আৰু সঁজুলি ব্যৱহাৰ কৰি বায়োমেট্ৰিক আধাৰিত 'পিএম বিশ্বকৰ্মা' পৰ্টেল ব্যৱহাৰ কৰি উমৈহতীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে কোনো ব্যয় নকৰাকৈ পঞ্জীয়ন কৰিব পাৰিব । তাৰ পাছত শিল্পীসকলে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু পৰিচয় পত্ৰৰ ৰূপত স্বীকৃতি লাভ কৰিব ।

পিএম বিশ্বকৰ্মা আঁচনিয়ে মৌলিক আৰু উন্নত দুয়োধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰি ১৫,০০০ টকাৰ টুলকিট ইনচেণ্টিভ, ১ লাখ টকা (প্ৰথম খণ্ড) আৰু ২ লাখ টকা (দ্বিতীয় খণ্ড) লৈকে ৫ শতাংশ ৰেহাই সূত হাৰত ডিজিটেল লেনদেনৰ বাবে ইনচেণ্টিভ আৰু বিপণন সমৰ্থনৰ জৰিয়তে দক্ষতা বৃদ্ধি কৰিব বুলিও প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে ।

লগতে পঢ়ক :PM Modi’s 73rd birth anniversary: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক জন্ম বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.