ETV Bharat / bharat

মণিপুৰত অসম ৰাইফলছৰ বাহনত পিএলএ উগ্ৰপন্থীৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 11:40 AM IST

Assam Rifles vehicle targeted in Manipur
মণিপুৰত অসম ৰাইফলছৰ বাহনত পিএলএ উগ্ৰপন্থীৰ আক্ৰমণ

মণিপুৰৰ টেংনুপাল জিলাত অসম ৰাইফলছৰ বাহনত পিপলছ লিবাৰেচন আৰ্মী নামৰ নিষিদ্ধ উগ্ৰপন্থীয়ে আক্ৰমণ কৰে । আইইডি বিস্ফোৰণৰ লগতে বাহনখনত নিৰ্বিচাৰ গুলীচালনা । কোনো জোৱান আহত হোৱা নাই ।

নেশ্যনেল ডেস্ক,১৭ নৱেম্বৰ : মণিপুৰৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও কিছুমান স্থানত এতিয়া উগ্ৰপন্থী সংগঠনসমূহ সক্ৰিয় হৈ থকা দেখা গৈছে । বিভিন্ন স্থানত সংগঠনবোৰে আক্ৰমণ অব্যাহত ৰাখিছে । তাৰ মাজতে বৃহস্পতিবাৰে পুৱা মণিপুৰৰ টেংনুপাল জিলাত অসম ৰাইফলছৰ মাইন প্ৰটেক্টট বাহনত উগ্ৰপন্থীৰ আক্ৰমণ । বাহনখনৰ তলত কম প্ৰাবল্যৰ এটা আইইডি বিস্ফোৰণ হয় ।

পিপলছ লিবাৰেচন আৰ্মী (পিএলএ) নামৰ এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনে ইতিমধ্যে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । বিষয়াসকলে জনোৱা মতে অসম ৰাইফলছৰ বাহনখন জিলাখনৰ চাইবোল অঞ্চলত নিয়মীয়া টহল দিয়া জড়িত আছিল । পুৱা প্ৰায় ৮.১৫ মান বজাত বাহনখনক লক্ষ্য কৰি আইইডিটো বিস্ফোৰণ কৰা হয় । বাহনখনত অসম ৰাইফলছৰ এটা দলে অঞ্চলটোত নিয়মীয়া টহল দি আছিল আৰু তেতিয়াই বাহনখনৰ তলত কম প্ৰাবল্যৰ আইইডিটো বিস্ফোৰণ হয় বুলি বিষয়াসকলে জনাইছে । কিন্তু সজ্জিত বাহনখনৰ ভিতৰত থকা কোনো জোৱান আঘাতপ্ৰাপ্ত হোৱা নাই ।

আৰক্ষীয়ে কোৱা মতে আইইডিটো বিস্ফোৰণ হোৱাৰ পাছতে উগ্ৰপন্থীকেইটাই বাহনখনত নিৰ্বিচাৰভাৱে গুলীচালনা কৰে । জোৱানসকলেও তাৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে । অৱশ্যে কোনো আক্ৰমণকাৰী আঘাতপ্ৰাপ্ত বা নিহত হৈছে নে নাই তাৰ তথ্য পোৱা হোৱা নাই । অসম ৰাইফলছে ইতিমধ্যে আক্ৰমণকাৰী উগ্ৰপন্থীকেইটাৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছে । অসম ৰাইফলছে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে বুলিও আৰক্ষীয়ে জনাইছে ।

ইফালে টেংনুপাল জিলাৰ কুকি ইনপি নামৰ এটা জনজাতীয় সংগঠনে এই আক্ৰমণক গৰিহণা দিছে । লগতে উগ্ৰপন্থী সংগঠনসমূহক কুকি-জো অধ্যুষিত অঞ্চলসমূহ তাৎক্ষণিকভাৱে এৰি যাবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :পথৰ কাষত যুৱতীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ, দলবদ্ধ ধৰ্ষণৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.