কেৰালাৰ কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক

author img

By

Published : Oct 5, 2022, 8:22 PM IST

murder

বহিঃৰাজ্যত দুই বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ এজন প্ৰব্ৰজিত শ্ৰমিকক । দুলু ৰাজবংশী নামৰ শ্ৰমিকজনক হত্যা কৰে অসমৰে দুই বন্ধুৱে । দুই হত্যাকাৰী দুলু ৰাজবংশীৰ বন্ধু মনোৰঞ্জন (২২) আৰু লক্ষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Assam youth Killed by Friends at Koyilandy Beach) ।

নিউজ ডেস্ক, ৫ অক্টোবৰ : কালিকট জিলাৰ কয়লাণ্ডি হাৰ্বাৰৰ ওচৰত অসমৰ এজন প্ৰব্ৰজনকাৰী শ্ৰমিকক তেওঁৰ বন্ধুবৰ্গই মিলি হত্যা কৰাৰ অভিযোগ উঠিছে (Migrant Worker From Assam Killed in Calicut) । ভুক্তভোগী শ্ৰমিকজনক অসমৰ দুলু ৰাজবংশী (২৮) বুলি চিনাক্ত কৰা হৈছে । ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা কেৰালাৰ কয়লাণ্ডি হাৰ্বাৰৰ ওচৰৰ মায়ান বীচত (Mayan Beach near Koyilandi Harbour) ।

সহকৰ্মীসকলে মদ্যপান কৰি থাকোঁতে সৃষ্টি হোৱা তৰ্কা-তৰ্কিৰ সময়ত ডিঙিত বেল্টেৰে চেপি দুলুক হত্যা কৰাৰ অভিযোগ (Assam youth Killed by Friends at Koyilandy Beach) । আৰক্ষীয়ে এই হত্যাকাণ্ড সংঘটিত কৰা অসমৰে আন দুজন যুৱক তথা দুলু ৰাজবংশীৰ বন্ধু মনোৰঞ্জন (২২) আৰু লক্ষীক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য, দুলু ৰাজবংশীয়ে বন্দৰত এজন শ্ৰমিক হিচাবে কাম কৰি আছিল ।

কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক
কালিকটত বন্ধুৱে মিলি হত্যা কৰিলে অসমৰ শ্ৰমিকক

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মঙলবাৰে সন্ধিয়া মায়ান সাগৰৰ পাৰত সুৰাপান কৰি থকাৰ সময়ত তেওঁলোক তিনিওজনৰ মাজতে তৰ্কা-তৰ্কি হয় । যাৰ পৰিণতিত উক্ত হত্যাকাণ্ডটো সংঘটিত হয় ।

দুলু ৰাজবংশীৰ হত্যাকাৰী
দুলু ৰাজবংশীৰ হত্যাকাৰী

তিনিওজনে মাতাল হৈ চিঞৰ-বাখৰ কৰি থকাৰো অভিযোগ উঠিছে । সেই সময়ত স্থানীয় লোকসকলে তালৈ গৈ ঘটনাটো কি পৰীক্ষা কৰাৰ সময়ত, ঘটনাস্থলীত তেওঁলোকে এজন ব্যক্তিক পৰি থকা দেখে । তাৰ পিছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে । ইফালে হত্যাকাণ্ডটো সংঘটিত কৰি দুলুৰ বন্ধুকেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

দুলু ৰাজবংশীৰ হত্যাকাৰী
দুলু ৰাজবংশীৰ হত্যাকাৰী

আনহাতে, আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ দুলুৰ ডিঙিত বেল্ট এডালেৰ ফাঁচি লগোৱা আছে । তাৰ পিছত আৰক্ষীয়ে তেওঁক কয়লেণ্ডি তালুক চিকিৎসালয়লৈ লৈ যায় । কিন্তু তেতিয়ালৈকে তেওঁৰ মৃত্যু হয় । ইফালে পলাবলৈ বিচাৰি সাগৰত জঁপিয়াই পৰা এজনক আটক কৰে আৰক্ষীয়ে । আটকাধীন যুৱকজনেই আৰক্ষীৰ আগত প্ৰকাশ কৰে যে আন এজনৰ সহায়ত তেওঁ দুলুক হত্যা কৰিছে । তাৰ পিছত আৰক্ষীয়ে দ্বিতীয়জনৰ অনুসন্ধান আৰম্ভ কৰে আৰু চৌহদটোৰ পৰা নিশা তেওঁক iআটক কৰে ।

লগতে পঢ়ক :কম সময়তে সকলোৰে মন মুহি অজান মুলুকলৈ গ’লগৈ মাজুলীৰ তেজস্বীতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.