কম সময়তে সকলোৰে মন মুহি অজান মুলুকলৈ গ’লগৈ মাজুলীৰ তেজস্বিতা

author img

By

Published : Oct 5, 2022, 7:01 PM IST

Updated : Oct 5, 2022, 10:32 PM IST

কম সময়তে সকলোকে মুহি অজান মুলুকলৈ গ’লগৈ মাজুলীৰ তেজস্বীতা

প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু ৷ শংকৰোৎসৱৰ কাৰ্যসূচীত বৰগীত পৰিৱেশনৰ সময়তে অসুস্থ হৈ পৰা তেজস্বিতাৰ মৃত্যু হয় চিকিৎসালয়ত (Tezaswita Boruah dead)৷

মাজুলী, 5 অক্টোবৰ: মাজুলীত সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা । এগৰাকী প্ৰতিভাৱান শিল্পীৰ বিয়োগত মিয়মান মাজুলীবাসী । মাজুলী দৰিয়া গাঁৱৰ প্ৰতিভাৱান কিশোৰী কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ(১৪) অকাল বিয়োগ (Tezaswita Boruah dead)।

নিজ গাঁৱতে শংকৰদেৱৰ জন্মোৎসৱৰ কাৰ্যসূচীত বৰগীত পৰিৱেশনৰ বাবে সাজু হোৱাৰ সময়তে হঠাৎ গা বেয়া লগা বুলি কৈ ঘৰলৈ ঘুৰি আহিছিল তেজস্বিতা । পৰিয়ালৰ লোকে লৰালৰিকৈ গড়মূৰ জিলা অসামৰিক চিকিৎসালয়লৈ(Garmur District Civil Hospital) লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ ।

কম সময়তে সকলোৰে মন মুহি অজান মুলুকলৈ গ’লগৈ মাজুলীৰ তেজস্বীতা

শিল্পী তেজস্বিতাই কম বয়সতে সংগীতৰ জগতখনত শক্তিশালী খোজ দিবলৈ সক্ষম হৈছিল (Viral singer Tezaswita Boruah)। তেজস্বিতাৰ কণ্ঠৰ যাদুত মুগ্ধ হৈছিল সংগীতপ্ৰেমী । খুউব কম সময়ৰ ভিতৰতে সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল তেজস্বিতা বৰুৱাৰ কণ্ঠ ৷ কম বয়সীয়া শিল্পীগৰাকীৰ মৃত্যুত মাজুলীৰ লগতে ৰাজ্যত শোকৰ ছাঁ পৰিছে ।

  • মাজুলীৰ অতি প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ আকস্মিক বিয়োগৰ বাতৰিটিয়ে আমাক মৰ্মাহত কৰিছে। সুকণ্ঠেৰে সকলোৰে স্নেহভাজন হোৱা তেজস্বিতাৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰেই কামনা কৰি এই শোকৰ মুহূৰ্তত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি! pic.twitter.com/F1Y10ZVpVJ

    — Sarbananda Sonowal (@sarbanandsonwal) October 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত ৰাজ্যৰ ভিন্নজনৰ লগতে শোকপ্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক: অৰুণাচলত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত এজন পাইলট নিহত

Last Updated :Oct 5, 2022, 10:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.