ETV Bharat / bharat

Tragic road mishap: দুটা স্থানত শোকাৱহ পথ দুৰ্ঘটনা, 12 গৰাকী লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 7:47 PM IST

বিহাৰ আৰু ৰাজস্থানৰ দুই স্থানত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুয়োটা পথ দুৰ্ঘটনাতে 12 গৰাকী লোকৰ মৃত্যু ৷

দুটা স্থানত শোকাৱহ পথ দুৰ্ঘটনা
দুটা স্থানত শোকাৱহ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ : একেদিনাই দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা ৷ দুয়োটা পথ দুৰ্ঘটনাতে 12 গৰাকী লোকে মৃত্যুক আকোঁৱালি লয় ৷ প্ৰথমটো ঘটনা বিহাৰৰ মুজাফ্ফৰপুৰত সংঘটিত হৈছে ৷ এখন যাত্ৰীবাহী বাছ আৰু এখন অট’ৰ মাজত সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হয়, আনহাতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ চাক্ৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত সুজাৱালপুৰ চকৰ ওচৰত 28 নং ৰাষ্ট্ৰীয় ঘাইপথত এজন বাইক আৰোহীক বচাবলৈ গৈ যাত্ৰীভৰ্তি এখন বাছে সন্মুখৰ পৰা আহি থকা যাত্ৰীবাহী অট’ৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷

এই দুৰ্ঘটনাটোত, অট’খনত থকা চাৰিজন লোকৰ ঘটনাস্থলীত মৃত্যু হয়, আনহাতে চিকিৎসাৰ সময়ত চিকিৎসালয়ত এজনৰ মৃত্যু হয় ৷ লগতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ পিচতে ঘটনাস্থলীত চাক্ৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ক্ষুব্ধ লোকসকলে মুজাফ্ফৰপুৰ-সমস্তিপুৰ ৰাষ্ট্ৰীয় ঘাইপথ 28 টো অৱৰোধ কৰে ৷

আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইফালে স্থানীয় লোকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ো সংঘৰ্ষৰ সন্মুখীন হ'বলগীয়া হয় ৷ জনপ্ৰতিনিধিৰ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ সৈতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে যদিও এতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই ৷

উপ পৰিদৰ্শক ৰবিকান্ত কুমাৰে ঘটনা সন্দৰ্ভত কয় যে, পথ দুৰ্ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছে, আনহাতে আন দুজন আহত হৈছে ৷ তেওঁলোকক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আৰক্ষীৰ দলটোৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ইফালে আজি বিয়লি ৰাজস্থানৰ ডুংগৰপুৰৰ 48 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰতনপুৰ সীমান্তত এখন ট্ৰাক আৰু এখন ক্ৰুজাৰ জীপৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত 7 জন লোকৰ মৃত্যু হয় ৷ আনহাতে 10 জন লোক আহত হৈছে ৷ এই দুৰ্ঘটনাটোৰ পিচত, ঘটনাস্থলীত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ৷ ৰতনপুৰ আৰক্ষী চকীকে ধৰি বিচ্চিৱাৰা আৰক্ষী চকীত লোকসকলক লৈ অহা হৈছিল ৷ লগে লগে মৃত আৰু আহত লোকসকলক এম্বুলেন্সেৰে ডুংগৰপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

লগতে পঢ়ক: Case registered against fake guide : আমেৰিকাৰ নৌসেনা বিষয়াক ভুৱা গাইডে ভ্ৰমণ কৰালে তাজমহল, গোচৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.