Manish Sisodia Money Laundering Case : মণীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি

author img

By

Published : May 23, 2023, 2:33 PM IST

Manish Sisodia Money Laundering Case

ধন আত্মসাতৰ গোচৰত মঙলবাৰে দিল্লীৰ এখন আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি কৰিছে (Manish sisodia judicial custody extended) । ইয়াৰ পূৰ্বে আদালতে ছিছোডিয়াৰ ন্যায়িক জিম্মা ২৩ মে'লৈকে বৃদ্ধি কৰিছিল ।

নিউজ ডেস্ক, ২৩ মে' : দিল্লীৰ ৰৌজ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১ জুনলৈ বৃদ্ধি কৰিছে (Manish sisodia judicial custody extended) । মঙলবাৰে পুৱা ১০.৩০ বজাত কঠোৰ নিৰাপত্তাৰ মাজত চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালৰ আদালতত ছিছোডিয়াক হাজিৰ কৰোৱা হয় (Manish Sisodia Money Laundering Case) । তেওঁ নীলা শ্বাৰ্ট পিন্ধি আদালত কক্ষত উপস্থিত হয় । ইয়াৰ পূৰ্বে আদালতে ধন আত্মসাতৰ গোচৰত ছিছোডিয়াৰ ন্যায়িক জিম্মা ২৩ মে'লৈকে বৃদ্ধি কৰিছিল (Sisodia judicial custody extended to june 1) ।

চিবিআয়ে ৰুজু কৰা গোচৰটোত ছিছোডিয়া বৰ্তমান ২ জুনলৈকে তিহাৰ কাৰাগাৰত ন্যায়িক জিম্মাত বন্দী হৈ আছে (Manish sisodia in tihar jail) । ৰৌজ এভিনিউ আদালতে চিবিআই আৰু ইডিৰ দ্বাৰা দাখিল কৰা দুয়োটা গোচৰতে ছিছোডিয়াৰ জামিন আবেদন নাকচ কৰে । ছিছোডিয়াৰ জামিন আবেদন বৰ্তমান দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

উল্লেখ্য, ছিছোডিয়াক মঙলবাৰে দুপৰীয়া ২ বজাত আদালতত হাজিৰ কৰোৱাৰ কথা আছিল । কিন্তু তাৰ পৰিৱৰ্তে পুৱাতে হাজিৰ কৰোৱাত দলটোৰ সমৰ্থকসকল আদালতত উপস্থিত হ'ব নোৱাৰিলে । ইয়াৰ পূৰ্বে ছিছোডিয়াক আদালতত হাজিৰ কৰোৱাৰ সময়ত প্ৰতিবাৰেই ১০-১৫জন সমৰ্থক, বিধায়ক তথা আপ কৰ্মীয়ে মণীষ ছিছোডিয়াক লগ কৰিবলৈ আদালতত উপস্থিত হয় (Delhi liquor case) ।

আনহাতে, ছিছোডিয়াই তেওঁৰ পত্নীৰ অসুস্থতাৰ কথা উল্লেখ কৰি ইডি গোচৰত অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন দাখিল কৰিছে । উক্ত আবেদন সন্দৰ্ভত আদালতে ইডিৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছে । উল্লেখ্য যে দিল্লী আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত দীঘলীয়া সোধাপোছাৰ অন্তত ছিছোডিয়াক চিবিআয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰে ।

তিহাৰ কাৰাগাৰত সোধাপোছাৰ পিছত ৯ মাৰ্চত ইডিয়ে ছিছোডিয়াক গ্ৰেপ্তাৰ কৰে । তেতিয়াৰে পৰা তেওঁ কাৰাগাৰতে আছে । ইয়াৰ পূৰ্বে ৪ জুনত আবকাৰী কেলেংকাৰীৰ আন দুজন অভিযুক্ত গৌতম মলহোত্ৰা আৰু ৰাজেশ যোশীকো ৰৌজ এভিনিউ আদালতে জামিন প্ৰদান কৰে ।

লগতে পঢ়ক :Rahul Gandhi Truck Viral Video : পদযাত্ৰাৰ পাছত এইবাৰ ট্ৰাক ভ্ৰমণ ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.