Rahul Gandhi Truck Viral Video : পদযাত্ৰাৰ পাছত এইবাৰ ট্ৰাক ভ্ৰমণ ৰাহুল গান্ধীৰ

By

Published : May 23, 2023, 12:47 PM IST

thumbnail

নেশ্যনেল ডেস্ক,২৩ মে': কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে (Rahul Gandhi Viral Video)। ভিডিঅ'টোত ৰাহুল গান্ধীক এখন ট্ৰাকত বহি থকা দেখা গৈছে । ৰাহুল গান্ধীয়ে ট্ৰাকত বহি চণ্ডিগড়ৰ পৰা আম্বালা লৈ যাত্ৰা কৰিছিল । ৰাহুল গান্ধীক ট্ৰাকৰ সন্মুখত চালকৰ কাষত বহি থকা দেখা গৈছে । ভিডিঅ'টো হাৰিয়ানাৰ আম্বালা জিলাৰ, যিটো সোমবাৰৰ নিশাৰ বুলি কোৱা হৈছে (Rahul Gandhi Truck Viral Video)।

ৰাহুল গান্ধী সোমবাৰে নিশা দিল্লীৰ পৰা চিমলালৈ ৰাওনা হৈছিল । ভিডিঅ'টো সেই সময়তে প্ৰস্তুত কৰা হৈছিল । কোৱা হয় যে ৰাহুল গান্ধীয়ে ট্ৰাকচালকসকলৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ সমস্যাৰ বুজ ল'বলৈ ট্ৰাকত ভ্ৰমণ কৰিছিল (Rahul truck journey)। কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু ডিজিটেল প্লেটফৰ্মৰ অধ্যক্ষ সুপ্ৰিয়া শ্ৰীনেটেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে । সুপ্ৰিয়াই টুইটাৰত ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাহুল গান্ধীৰ উচ্চ প্ৰশংসা কৰে ।

লগতে পঢ়ক :PM Modi in Australia : অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.