ETV Bharat / bharat

Manipur election 2022 phase 1 : নিৰ্বাচনী হিংসাত উত্তাল মণিপুৰ

author img

By

Published : Feb 28, 2022, 12:47 PM IST

Updated : Feb 28, 2022, 2:22 PM IST

ৰাজ্যখনৰ দুটা পৃথক পৃথক কেন্দ্ৰত নিৰ্বাচনী হিংসা ৷ এটা কেন্দ্ৰত শিলগুটি নিক্ষেপ আৰু গুলীচালনাৰ ঘটনা ৷ আনহাতে আন এটা কেন্দ্ৰত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত বুথ দখলৰ অভিযোগত সংঘৰ্ষ ৷

Manipur poll violence
নিৰ্বাচনী হিংসাত উত্তাল মণিপুৰ

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰী : মণিপুৰ বিধানসভা নিৰ্বাচন 2022(Manipur election 2022) ৰ প্ৰথম পৰ্যায় ভোটগ্ৰহণ চলি থকাৰ মাজতে সোমবাৰে ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ কথা জানিব পৰা হৈছে ৷ ৰাজ্যখনত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কেইঘণ্টামানৰ পাছত দুটাকৈ স্থানত সংঘটিত হয় বিক্ষিপ্ত ঘটনা সংঘটিত হয় ৷ মণিপুৰৰ কেইৰাও সমষ্টিত ভোটগ্ৰহণ চলি থকাৰ মাজতেই শিলগুটি নিক্ষেপ আৰু গুলীচালনাৰ খবৰ পোৱা গৈছে ।

আনহাতে কাংপোকপি জিলাৰ নিউ কিথেলমানবি সমষ্টিতো ভোটগ্ৰহণ কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ব্যাহত হয় ৷ জানিব পৰা মতে বুথ দখলৰ অভিযোগত সূত্ৰপাত হৈছিল এই সংঘৰ্ষৰ ।

লগতে পঢ়ক : Manipur election 2022 phase 1 : ভোটগ্ৰহণৰ পূৰ্বে নিলম্বিত কংগ্ৰেছ প্ৰাৰ্থী

Last Updated : Feb 28, 2022, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.