চিকিৎসালয় ব্যক্তিগতকৰণৰ বিৰোধিতা মানিক সৰকাৰৰ

author img

By

Published : Aug 30, 2022, 5:01 PM IST

Former Tripura CM Manik Sarkar

চিকিৎসালয় ব্যক্তিগতকৰণৰ পৰিৱৰ্তে চৰকাৰক সামগ্ৰিক বিকাশৰ বাবে অধিক ধন আৱণ্টন কৰিবলৈ আহ্বান জনাইছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে(Former Tripura CM Manik Sarkar)। এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী ডাঃমানিক সাহালৈ(Chief Minister Dr Manik Saha)প্ৰেৰণ কৰিছে এক পত্ৰ ।

আগৰতলা, ৩০ আগষ্ট: ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে(Former Tripura CM Manik Sarkar)ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত চিকিৎসালয়সমূহৰ ব্যক্তিগতকৰণৰ প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰিছে(opposed privatization of Cancer hospital) । মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ দলে কৰ্কট চিকিৎসালয়কে ধৰি ৰাজ্যখনৰ চৰকাৰ নিয়ন্ত্ৰিত আৰু পৰিচালিত চিকিৎসালয়সমূহৰ ব্যক্তিগতকৰণৰ প্ৰচেষ্টাৰ সদায় বিৰোধিতা কৰি আহিছে আৰু কৰি থাকিব ।

মুখ্যমন্ত্ৰী ডাঃ মানিক সাহালৈ(Chief Minister Dr Manik Saha) লিখা এখন পত্ৰত বিৰোধী দলৰ নেতা সৰকাৰে কয়,'আপুনি জানে যে আগৰতলাৰ বৰ্তমানৰ কৰ্কট চিকিৎসালয়খন দীঘলীয়া প্ৰচেষ্টাৰ ফল । কৰ্কট ৰোগীসকলে নিৰ্ভৰ কৰাৰ বাবে ইয়াক ক্ৰমান্বয়ে এক স্বয়ং সম্পূৰ্ণ চিকিৎসা কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে পৰৱৰ্তী প্ৰচেষ্টা লোৱা হৈছিল । এই প্ৰক্ৰিয়াত বছৰ বছৰ ধৰি চিকিৎসালয়ত কাম কৰা চিকিৎসকসকলৰ আন্তৰিক আৰু অক্লান্ত ভূমিকা অতুলনীয় ।'

স্থানীয় দৈনিক কাকত এখনত প্ৰকাশিত বাতৰিৰ কথা উল্লেখ কৰি সৰকাৰে তেওঁৰ পত্ৰখনত পুনৰ উল্লেখ কৰে যে চিকিৎসালয়খন ব্যক্তিগত পুঁজিপতিক হস্তান্তৰ কৰিবলৈ চৰকাৰে পাং পাতিছে । এনে পদক্ষেপৰে চিকিৎসালয়খন লুণ্ঠনকাৰীসকলৰ বাবে লাভজনক ব্যৱসায়লৈ পৰ্যবসিত কৰাৰ প্ৰচেষ্টা চৰকাৰে চলাই আছে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰকাৰে পুনৰ অভিযোগ কৰি কয় যে কৰ্কট ৰোগীসকলৰ বাবে আটাইতকৈ নিৰ্ভৰযোগ্য চিকিৎসক এজনক শেহতীয়াকৈ তেওঁৰ দায়িত্বৰ পৰা অব্য়াহতি দিয়া হৈছে । সেয়েহে এই বিষয়টোৱে তেওঁক হচকিত কৰা বুলিও কয় । কৰ্কট চিকিৎসালয়কে ধৰি যিকোনো চৰকাৰ নিয়ন্ত্ৰিত আৰু পৰিচালিত স্বাস্থ্য কেন্দ্ৰৰ ব্যক্তিগতকৰণৰ যিকোনো প্ৰচেষ্টাৰ বিৰোধিতা কৰি যাব বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰক সকীয়াই দিয়ে ।

তেওঁ ইয়াৰ পৰিৱৰ্তে চৰকাৰক ধাৰাবাহিকতা বজাই ৰাখি স্বাস্থ্য সেৱা প্ৰণালীৰ সামগ্ৰিক বিকাশৰ বাবে অধিক ধন আৱণ্টন কৰিবলৈ আহ্বান জনায় । তদুপৰি নিয়মীয়াকৈ কাৰ্যকৰী নিৰীক্ষণ উন্নত আৰু নিশ্চিত কৰিবলৈও সৰকাৰে দাবী জনায় । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰকাৰে মুখ্যমন্ত্ৰী ডাঃমানিক সাহাক সকলো ঠাইতে চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত সন্মান আৰু সন্মানৰ সৈতে কাম কৰিব পৰাটো নিশ্চিত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত টিপ্ৰা সমৰ্থকৰ বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.