Fake IPS Officer arrested in Mumbai: মুম্বাইত গ্ৰেপ্তাৰ মেট্ৰিমনিয়েল ছাইটৰ ভুৱা আই পি এছ বিষয়া

author img

By

Published : Jul 15, 2022, 2:24 PM IST

Man posing as IPS officer on matrimonial sites arrested in Mumbai

মেট্ৰিমনিয়েল ছাইটত পাত্ৰ বা পাত্ৰী বিচাৰোতে সাৱধান হওক ৷ নিজকে আই পি এছ বিষয়া সজাই মেট্ৰিমনিয়েল ছাইটত ফটো আপলোড দি গ্ৰেপ্তাৰ হ'ল এজন লোক (Fake IPS Officer arrested in Mumbai)৷

নেশ্যনেল ডেস্ক, 15 জুলাই: মেট্ৰিমনিয়েল ছাইট ব্যৱহাৰকাৰী পাত্ৰ-পাত্ৰীসকল সাৱধান হওক ৷ ভুৱা প্ৰফাইলে ঠগিব পাৰে আপোনাকো (Matrimonial site scam) ৷ এইবাৰ মুম্বাইত গ্ৰেপ্তাৰ হ'ল নিজকে আই পি এছ বিষয়া সজাই মেট্ৰিমনিয়েল ছাইটত ফটো আপলোড দিয়া এজন লোক (Fake IPS Officer arrested in Mumbai) ৷

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি নিজকে অভিজিত পৰমেশ্বৰ গাধাৱে নামৰ ভুৱা আই পি এছ বিষয়া বুলি পৰিচয় দি মুম্বাইত এগৰাকী মহিলাক প্ৰতাৰিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ কেৱল এইয়াই নহয় নিজকে অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ পুত্ৰ সজাই ভুৱা আই পি এছৰ আই ডি আপলোড কৰি বিবাহৰ পাত্ৰী বিচাৰিছিল অভিজিতে ৷ পৰিকল্পনা অনুসৰি এগৰাকী মহিলাৰ সৈতে কথাও পাতিছিল অভিজিতে ৷

অভিজিতে মহিলাগৰাকীক নিজকে এজন আইপিএছ বিষয়া হিচাপে পৰিচয় দিছিল আৰু মুম্বাই বিমানবন্দৰত এটা কোম্পানীত চাকৰি কৰাৰ কথা প্ৰকাশ কৰিছিল ৷ পৰৱৰ্তী সময়ত যেতিয়া ভুক্তভোগী মহিলা গৰাকীয়ে অভিজিতে কৰ্মৰত কোম্পানীটোত তেওঁৰ সন্দৰ্ভত জানিবলৈ যোগাযোগ কৰিছিল তেতিয়াই এই সকলোবোৰ ভুৱা বুলি উলাই পৰে ৷

এই ঘটনাৰ পিছতে প্ৰতাৰিত মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰ চাপি অভিজিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ ভুৱা অভিযুক্তজনক বিচাৰি চাকিনাকা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বুধবাৰে ঘাটকোপাৰৰ এটা অট্টালিকাৰ পৰা অভিজিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে ৷

লগতে পঢ়ক : A Thrilling incident: পত্নীৰ কটা মূৰ লৈ খোজ কাঢ়ি পালেগৈ আৰক্ষী চকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.