ETV Bharat / bharat

UP murder case : 49 বছৰৰ পুৰণি হত্যাকাণ্ডৰ গোচৰত দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:52 AM IST

আগ্ৰা আদালতে বৃহস্পতিবাৰে 49 বছৰৰ পুৰণি এক হত্যাকাণ্ডৰ গোচৰৰ ৰায় প্ৰদান কৰে ৷ হত্যাকাৰীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । লগতে, 20,000 টকাৰ জৰিমনাও আৰোপ কৰা হৈছে । ফিৰোজাবাদ জিলাৰ নৰখী গাঁৱত সংঘটিত হৈছিল এই হত্যাকাণ্ডৰ ঘটনা ৷

UP murder case
হত্যাকাণ্ডৰ গোচৰত দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি

নেশ্যনেল ডেস্ক, 13 অক্টোবৰ: সুদীৰ্ঘ 49 বছৰৰ অন্তত উত্তৰ প্ৰদেশৰ এখন আদালতে শাস্তি ঘোষণা কৰে হত্যাকাৰীৰ ৷ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় হত্যাকাৰীক ৷ জানিব পৰা মতে, 1974 চনত সংঘটিত হৈছিল এক হত্যাকাণ্ড ৷

1974 চনৰ 14 ছেপ্টেম্বৰত ৰাম বেতীৰ স্বামীক ৰাইফলেৰে গুলীয়াই হত্যা কৰিছিল নৰখী নিবাসী মহেন্দ্ৰ সিঙে । সিঙে একেখন গাঁৱৰ এগৰাকী মহিলাৰ অনুৰোধত এই হত্যাৰ আশ্ৰয় লৈছিল । ৰাম বেতীৰ কন্যা মীৰা দেৱীয়ে মহেন্দ্ৰৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছিল । সেই সময়ত নৰখী আগ্ৰাৰ এটা অংশ আছিল । হত্যা সংঘটিত কৰাৰ সময়ত মহেন্দ্ৰ সিঙৰ বয়স আছিল 31 বছৰ ৷

দীৰ্ঘদিন ধৰি এই গোচৰটো আগ্ৰা আদালতত বিচাৰাধীন হৈ আছিল । কিছুদিনৰ আগতে এই গোচৰটো ফিৰোজাবাদ আদালতলৈ হস্তান্তৰ কৰা হৈছিল । য'ত অতিৰিক্ত জিলা আৰু অধিৱেশন ন্যায়াধীশ জিতেন্দ্ৰ গুপ্তাৰ আদালতত শুনানি গ্ৰহণ কৰা হয় । 80 বছৰীয়া মহেন্দ্ৰ সিঙক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় । তদুপৰি 20,000 টকাৰ জৰিমনাও আৰোপ কৰা হৈছে ।

দোষী সাব্যস্ত হোৱা ব্যক্তিয়ে যদি জৰিমনা আদায় নিদিয়ে তেন্তে তেওঁ এবছৰৰ অতিৰিক্ত শাস্তিৰ সন্মুখীন হ’ব লাগিব । গোচৰৰ বিচাৰ চলাই থকা এডিজিচি শ্ৰীনাৰায়ণ শৰ্মাই কয় যে বিচাৰৰ সময়ত বহু সাক্ষীৰ সাক্ষ্য় গ্ৰহণ কৰা হৈছিল । আদালতৰ সন্মুখত বহু প্ৰমাণ দাখিল কৰা হয় । প্ৰমাণৰ ভিত্তিত আদালতে মহেন্দ্ৰ সিঙক দোষী সাব্যস্ত কৰে আৰু 49 বছৰৰ অন্তত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় ।

লগতে পঢ়ক: land acquisition in Ayodhya: ভূমি অধিগ্ৰহণ সন্দৰ্ভত ক্ষুব্ধ সন্তসকলক শান্ত কৰিবলৈ অযোধ্যাত উপস্থিত উপাযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.