ETV Bharat / bharat

বিজেপিক ক্ষুৰধাৰ সমালোচনা মমতা বেনাৰ্জীৰ

author img

By

Published : Mar 23, 2021, 8:52 AM IST

বিজেপিক ক্ষুৰধাৰ সমালোচনা মমতা বেনাৰ্জীৰ
বিজেপিক ক্ষুৰধাৰ সমালোচনা মমতা বেনাৰ্জীৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰৰে নিৰ্বাচনৰ আগত মানুহক মিছা প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ ৷ নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতাসকল আহি মিছা প্ৰতিশ্ৰুতি দি ৰাইজৰ ভোট লৈ যায় বুলি মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নেচনেল ডেক্স, 23 মাৰ্চ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰৰে নিৰ্বাচনৰ আগত মানুহক মিছা প্ৰতিশ্ৰুতি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে । বানকুৰাৰ এখন ৰাজহুৱা সভা সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ কেইবাটাও উদ্যোগৰ অংশীদাৰীত্ব বিক্ৰী কৰিবলৈ আগ্ৰহী বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সভাত উপস্থিত জনতাক "বিগত নিৰ্বাচনত বিজেপিক ভোট দিয়াসকলক মই সুধিব বিচাৰো বিজেপিয়ে প্ৰতিটো একাউণ্টলৈ ১৫ লাখ টকা স্থানান্তৰ কৰিছিল নে?" বুলি প্ৰশ্ন কৰে মমতা বেনাৰ্জীয়ে ৷ নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতাবোৰ আহি মিছা প্ৰতিশ্ৰুতি দি আপোনাৰ ভোট লৈ যায় বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মমতা বেনাৰ্জীৰ চৰকাৰে মহিলা সৱলীকৰণৰ বাবে কাম কৰি থকা বুলি উল্লেখ কৰি পঞ্চায়তত 50 শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰিছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ হাতী খেদাও চাবুৱা বচাও, বিজেপি খেদাও বাগান বচাও: অজয় ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.