ETV Bharat / bharat

জিলা আয়ুক্তৰ বাহনে মহতিয়ালে 3 পথচাৰীক, দুজন গুৰুতৰভাৱে আহত

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 12:30 PM IST

DM Vijay Prakash Meena vehicle crushed many people in madhubani bihar
মধুবনীত ভয়ংকৰ পথ দুৰ্ঘটনা

বিহাৰৰ মধুবনীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাধেপুৰাৰ জিলা আয়ুক্তৰ বাহনে মহতিয়াই লৈ গৱল পথচাৰীক ৷ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয় ৷

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ : বিহাৰৰ মধুবনীৰ 57 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পাটনাৰ পৰা মাধেপুৰালৈ যোৱা জিলা আয়ুক্ত বিজয় প্ৰকাশ মীনাৰ দ্ৰুতবেগী বাহনৰ খুন্দাত 3 গৰাকী লোকৰ মৃত্যুৰ হোৱাৰ লগতে দুগৰাকী লোক আহত হয় ৷ লগে লগে আহত দুজনক প্ৰাথমিক চিকিৎসা কৰাৰ পিচতে চিকিৎসকে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ডিএমচিএইচলৈ প্ৰেৰণ কৰিছে ৷ এই দুৰ্ঘটনাটো লোহিয়া চকৰ সমীপত ফুলপাৰাছ আৰক্ষী থানা অঞ্চলৰ 57 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ৷

জানিব পৰা মতে বাহনখনে নিয়ন্ত্ৰণহীন হৈ ঘাইপথৰ ৰেলিঙত খুন্দিয়াইছিল ৷ এই দুৰ্ঘটনাত বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি চিঙি চুৰমাৰ হৈ যায় ৷

এই দুৰ্ঘটনাৰ পিচতে খঙত উত্তেজিত হৈ স্থানীয় ৰাষ্ট্ৰীয় ঘাইপথ 57 অৱৰোধ কৰেহি ৷ অৱশ্যে বাহনখনত আয়ুক্তগৰাকী উপস্থিত আছিল নে নাই সেয়া এই মুহূৰ্তলৈ নিশ্চিত হোৱা নাই ৷ এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফুলপাৰাছ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতিৰ বুজ লয় ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ৷

স্থানীয় লোকসকলে বাহনখনৰ চালকজনক আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তলৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে উত্তেজিত লোকসকলৰ সৈতে কথা পাতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে ৷

মৃতসকলৰ ভিতৰত এটা শিশু, এগৰাকী মহিলা আৰু ৰাষ্ট্ৰীয় ঘাইপথটোত কাম কৰা এগৰাকী কৰ্মী আছিল বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি, গাড়ীখন তীব্ৰ গতিত আহি আছিল, হঠাতে নিয়ন্ত্ৰণহীনভাৱে ডিভাইডাৰত লোককেইগৰাকীক মহতিয়াই লৈ যায় ৷

ঘটনাটোৰ পিচত বাহনখনত থকা বহু লোকে গাড়ীৰখনৰ পৰা নামি পলায়ন কৰে ৷ মৃত্যু হোৱা মহিলাগৰাকী আৰু শিশুটো ফুলপাৰাছ আৰক্ষী থানা অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ৷ মহিলাগৰাকীৰ স্বামীয়ে এখন পান দোকান চলায় ৷ একে সময়তে, মৃত কৰ্মীজনৰ পৰিচয় এই মুহূৰ্তত চিনাক্ত কৰা হোৱা নাই ৷

লগতে পঢ়ক: তেলেংগানাত নিৰ্মাণাধীন ষ্টেডিয়াম ভাঙি দুজনৰ মৃত্যু, ১০ জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.