ETV Bharat / bharat

Ramoji Rao assistance to Rupadevi : পেৰা-বেডমিণ্টন খেলুৱৈ ৰূপাদেৱীলৈ ৰামোজী ৰাওৰ আৰ্থিক সাহায্য

author img

By

Published : Apr 29, 2023, 5:44 PM IST

Ramoji Rao assistance to Rupadevi
পেৰা-বেডমিণ্টন খেলুৱৈ ৰূপাদেৱীলৈ ৰামোজী ৰাওৰ আৰ্থিক সাহায্য

ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰা পেৰা-বেডমিণ্টন খেলুৱৈ ৰূপাদেৱীক ৩ লাখ টকাৰ আৰ্থিক সাহায্য ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ (Ramoji Raos financial aid to Rupadevi)। খেলুৱৈগৰাকীৰ আৰ্থিক সমস্যাৰ বাতৰি প্ৰকাশ হোৱাৰ পাচতে ৰামোজী ৰাওৰ এই পদক্ষেপ ।

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল : শাৰীৰিক বাধাক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰা পেৰা-বেডমিণ্টন খেলুৱৈ ৰূপাদেৱীলৈ ৰামোজী ৰাওৰ বিশেষ সাহায্য (Ramoji Rao assistance to Rupadevi)। শ্ৰীকাকুলাম জিলাৰ জি.চিগাদম মণ্ডলৰ চান্টাভুৰিৰ পদলা ৰূপাদেৱীক ৩ লাখ টকাৰ সাহায্য ৰামোজী গ্ৰুপ অফ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ ।

অহা মাহৰ ৯ তাৰিখে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ প্ৰস্তুতি চলাই আছে ৰূপাদেৱীয়ে (Para badminton player Rupadevi)। তাৰ সমান্তৰালকৈ তেওঁ বিত্তীয় সমস্যাৰেও যুঁজি আছিল । ৰামোজী ৰাওৰ এই পদক্ষেপক আদৰণি জনাইছে বিভিন্নজনে ।

ৰামোজী গ্ৰুপ অফ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৱে 'ইটিভি যুৱ' আৰু ইটিভি ভাৰতত খেলুৱৈগৰাকীৰ আৰ্থিক সমস্যা সন্দৰ্ভত প্ৰকাশিত বাতৰিটো দেখি উদ্বিগ্ন হৈছিল । লগে লগে তেওঁ থাইলেণ্ডলৈ যোৱাত সহায় হোৱাকৈ খেলুৱৈগৰাকীক ৩ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে । উল্লেখ্য যে এক দুৰ্ঘটনাত পতিত হোৱাৰ পাছত ৰূপাদেৱী গুৰুতৰভাৱে আহত হৈছিল ।

পৰৱৰ্তী সময়ত তেওঁ দুয়োখন ভৰিৰ ওপৰত থিয় হ'বলৈ অক্ষম হয় । কিন্তু তাৰ পাছতো প্ৰৱল ইচ্ছা শক্তিৰে পেৰা-বেডমিণ্টনৰ ক্ষেত্ৰত ৰূপাদেৱীয়ে বিশেষ পাৰদৰ্শিতা দেখুৱাইছে । খেলুৱৈগৰাকীৰ এই সাহসিকতা আৰু ইচ্ছাশক্তিক আদৰণি জনাই ৰামোজী ৰাওৱে এখন পত্ৰও প্ৰদান কৰে ।

পত্ৰখনত ৰামোজী ৰাওৱে লিখিছে, "যিসকলে একো কৰিব নোৱাৰে বুলি অনুভৱ কৰে তেওঁলোকৰ বাবে আপোনাৰ কাহিনীটো অনুপ্ৰেৰণাদায়ক । এফালে, ক্ৰীড়াক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰি আপোনাৰ পঢ়া-শুনা অব্যাহত ৰখাৰ আপোনাৰ উচ্চাকাংক্ষাই মোক উৎসাহিত কৰি তুলিছে । থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পেৰা-বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে মই ৩ লাখ টকা সাহায্য হিচাপে প্ৰদান কৰিছো । আপোনাৰ দৰে এগৰাকী সাহসী মহিলাক এনে ধৰণৰ সহায়ৰ হাত আগবঢ়াই মই গৌৰৱান্বিত । যদি আপুনি এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত মহান প্ৰতিভা প্ৰদৰ্শন কৰে আৰু দেশক গৌৰৱান্বিত কৰে, তেন্তে মই তেওঁলোকৰ মাজত থাকিম যিসকলে ইয়াক দেখি সুখী হ'ব ।"

ৰামজী ৰাওৰ এই পদক্ষেপে আনন্দিত কৰি তুলিছে ৰূপাদেৱীৰ পৰিয়ালৰ লগতে তেওঁ গাঁৱৰ ৰাইজক । ৰামোজী ৰাওক ধন্যবাদ জ্ঞাপন কৰিছে গাঁৱৰ ৰাইজে (Player Rupadevi praises Ramoji Rao)। ৰূপাদেৱীয়ে আনন্দ প্ৰকাশ কৰি 'ইটিভি ভাৰত'ক কয়,"মই ভাগ্যৱান যে ৰামোজী ৰাওৰ দৰে এগৰাকী প্ৰতিপত্তিশালী লোকে বাতৰিটো দেখি মোক সহায় কৰিছে । মোৰ নাম তেওঁৰ ওচৰলৈ যোৱাৰ বাবে বৰ ভাল লাগিছে । মোৰ ওপৰত তেওঁৰ যি বিশ্বাস আছে তাক মই বিশ্বাসঘাতকতা নকৰো । মই নিশ্চিত যে মই মোৰ দেশ আৰু যিয়ে মোক সহায় কৰিছে অৰ্থাৎ ৰামোজী ৰাওক গৌৰৱান্বিত কৰিম ।"

খেলুৱৈগৰাকীৰ মাতৃ যশোদাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁলোকে ৰামোজী ৰাওৰ ওপৰত গোটেই জীৱন ঋণী হৈ থাকিব ।

লগতে পঢ়ক :Protest against WFI chief : পদত্যাগ নকৰাৰ ঘোষণা ব্ৰীজ ভূষণ শৰণ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.