ETV Bharat / bharat

Lok Sabha adjourned : মণিপুৰৰ প্ৰসংগক লৈ উত্তাল সদন; 2 বজালৈ স্থগিত ঘোষণা

author img

By

Published : Jul 31, 2023, 12:43 PM IST

Lok Sabha adjourned till 2 pm due to opposition protest over Manipur issue
মণিপুৰৰ প্ৰসংগত উত্তাল সদন

মণিপুৰৰ সমস্যা সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিবৃতিৰ দাবীত বিৰোধী পক্ষই পুনৰ সোমবাৰে উত্তাল কৰে সদনৰ মজিয়া ৷ প্ৰতিবাদৰ পিছতে লোকসভা স্থগিত ৰখা হয় দুপৰীয়া 2 বজালৈ ।

নেশ্যনেল ডেস্ক, 31 জুলাই: পুৱা 11 বজাত সোমবাৰৰ সদনৰ বৈঠকত অধ্যক্ষ ওম বিৰলাই ঘোষণা কৰে যে, মালাউবীৰ পৰা সংসদীয় এটা প্ৰতিনিধি দল ভাৰত ভ্ৰমণলৈ আহিছে আৰু তেওঁলোকে সদনৰ কাম-কাজ প্ৰত্যক্ষ কৰিছে । বিদেশী প্ৰতিনিধি দলটোক সদনত প্ৰদান কৰা বক্তব্য যোগে আদৰণি জনায় অধ্যক্ষ ওম বিৰলাই ।

অধ্যক্ষই ভাষণ সম্পূর্ণ কৰাৰ লগে লগে মণিপুৰৰ হিংসা সন্দর্ভত প্রধানমন্ত্রীৰ পৰা বিবৃতিৰ দাবী জনায় বিৰোধী সদস্যসকলে উত্তাল কৰি তোলে সদনৰ মজিয়া ৷ অলপ পিছতে বিৰোধী সদস্যসকলে প্লেকাৰ্ড দেখুৱাই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি সদনৰ মাজলৈ আহে । অধ্যক্ষ ওম বিৰলাই প্ৰথমে বিৰোধী সদস্যসকলৰ প্ৰতিবাদক আওকাণ কৰি প্ৰশ্ন ঘণ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছিল ।

শ্লোগান আৰু প্ৰতিবাদৰ মাজতে শিক্ষা আৰু বিত্ত মন্ত্ৰালয়ৰ সৈতে জড়িত দুটা প্ৰশ্ন আলোচনাৰ বাবে উত্থাপন কৰা হয় । প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অধ্যক্ষই বিৰোধী সদস্যসকলক পুনৰ নিজৰ আসনলৈ গৈ কাৰ্যবিধিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । বিৰোধী দলৰ সাংসদসকলে অধ্যক্ষৰ আবেদনক আওকাণ কৰাৰ প্ৰায় 15 মিনিট পিচতে অধ্যক্ষই সদন দুপৰীয়া 2 বজালৈ স্থগিত ঘোষণা কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, 20 জুলাইৰ পৰা বৰ্যাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰাই মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে সংসদৰ দুয়োটা সদন কপোৱা পৰিলক্ষিত হৈছিল ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ বিষয়ত বিতৰ্কৰ বাবে চৰকাৰ সাজু বুলি কৈছিল । বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ পৰা বক্তব্য আৰু উত্তৰ-পূব ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবী তুলিছিল ।

অৱশ্যে অধ্যক্ষগৰাকীয়ে চৰকাৰৰ হৈ বিতৰ্কৰ উত্তৰ কোনে দিব সেয়া বিৰোধীয়ে সিদ্ধান্ত ল’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে । ইয়াৰ পিছতে বিৰোধীয়ে মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়ায় ৷ এক কথাত প্ৰধানমন্ত্ৰীক সংসদত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত কথা ক’বলৈ বাধ্য কৰোৱাবৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ।

উল্লেখ্য যে, 4 মে’ত গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ এখন গাঁৱত দুগৰাকী মহিলাক নগ্ন কৰায় সমদল কৰোৱাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ এদিন পিচতে আৰম্ভ হৈছিল এই অধিৱেশন আৰু অধিৱেশন প্ৰদিনেই মণিপুৰ বিষয়ক লৈ উত্তপ্ত হোৱা পৰিলক্ষিত হৈ আহিছে ।

লগতে পঢ়ক : SC on Manipur violence : শীৰ্ষ আদালতে সোমবাৰে গ্ৰহণ কৰিব মণিপুৰৰ দুই নিৰ্যাতিতা যুৱতীৰ গোচৰৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.